ডুমডুমা, ২৭ নৱেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী কিশোৰী। নিশা নাম-কীৰ্তন চাই ঘৰলৈ আহি থকা অৱস্থাত বাটত কিশোৰী গৰাকীক আক্ৰমণ কৰে বনৰীয়া হাতীৰ জাকে। বনৰীয়া হাতীৰ (Wild Elephant) আক্ৰমণত কিশোৰী গৰাকীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। খাদ্য সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে কেইবাদিন ধৰি চলাই আছে উপদ্ৰৱ। বনৰীয়া হাতীৰ জাকটোকলৈ আতংকিত হৈ পৰিছে ৰাইজ। এই ক্ষেত্ৰত বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়। বিশেষকৈ নামনি অসমৰ গোৱালপাৰা জিলাৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকাৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে।

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীৰ জাকে কেৱল পথাৰৰ ধান খাই তহিলং কৰাই নহয় মানুহক আক্ৰমণত কৰি সন্ত্ৰাস চলাই আছে। ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকৰ মৃত্যু হৈছে। পুনৰবাৰ বনৰীয়া হাতীৰ জাকে প্ৰাণ কাঢ়ি নিলে এগৰাকী কিশোৰীৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাত। তিনিচুকীয়া জিলাৰ ডুমডুমাৰৰ ফিলবাৰী থানাৰ অন্তৰ্গত বৰডুবি চাহ বাগানত বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত কৰুণ মৃত্যু ঘটিছে কিশোৰী গৰাকীৰ। বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা কিশোৰী গৰাকীৰ নাম লক্ষীপ্ৰিয়া পাটৰ বুলি জানিব পৰা গৈছে। সোমবাৰে নিশাৰ ভাগত বৰডুবি চাহ বাগানৰ ৪ নম্বৰ লাইনত কিশোৰী গৰাকী বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত থিতাতে নিহত হয়।

নিশা প্ৰায় ২ মান বজাত কিশোৰী গৰাকী নাম-কীৰ্তন চাই ঘৰলৈ উভতি আহি থকা অৱস্থাত বাটতে কিশোৰী গৰাকীক বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰে। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত থিতাতে নিহত হয় লক্ষীপ্ৰিয়া পাটৰ নামৰ কিশোৰী গৰাকী। বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকক উচিত ক্ষতিপূৰণ দিবলৈ স্থানীয় ৰাইজেৰ লগতে নিহত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বন বিভাগ তথা চৰকাৰক দাবী জনাইছে।

উল্লেখ্য যে অঞ্চলটোত বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আছে। ডুমডুমাৰ বিভিন্ন অঞ্চলত সঘনাই হৈ থকা হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগক স্থানীয় ৰাইজে দাবী জনাইছে। তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ লগতে নামনি অসমৰ গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ভয়াবকভাৱে বৃদ্ধি পাইছে। গোৱালপাৰাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাৰীত নিশাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱা বুলি জানিব পৰা গৈছে।