কলগাছিয়া, সংবাদ ৩৬৫, ১৮ জুন : কলগাছিয়াৰ যুৱকৰ মৃতদেহ উদ্ধাৰ ওদালগুৰিত । মৃত যুৱক গৰাকীৰ নাম আব্দুল হালিম। এখন নলাৰ পৰা ৰাইজে উদ্ধাৰ কৰে হালিমৰ মৃতদেহ। হত্যা কৰি পেলাই সন্দেহ পৰিয়ালৰ লোকৰ।

উল্লেখযোগ্য যে, কলগাছিয়াৰ বাসিন্দা চানমিয়াৰ পুত্ৰ আব্দুল হালিম মিঞাক একেগাঁৱৰে জুলহাস আলী নামৰ এজন ব্যক্তিয়ে কামৰ ছলেৰে গুৱাহাটীৰ কথা কৈ ওদালগুৰিত লৈ গৈছিল। দেওবাৰে জুলহাস আলীয়ে কলগাছিয়ালৈ ওভতি আহি হালিম মিঞা নিৰুদ্দেশ হৈছে বুলি জনাইছিল যদিও দেওবাৰে বিয়লিত ওদালগুৰিৰ গলণ্ডিহাবিত থকা জলসিঞ্চন বিভাগৰ এটা নলাৰ পৰা আব্দুল হালিম মিঞাৰ মৃতদেহটো উদ্ধাৰ কৰে ওদালগুৰি আৰক্ষীয়ে।

সোমবাৰে নিশাৰ ভাগত মৃতদেহটো হালিম মিঞা বুলি চিনাক্ত হোৱাত কান্দোনত ভাগি পৰি পৰিয়ালৰ লোকে। যুৱক জনক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি নলাত পেলাই দিয়া বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে।

উল্লেখ্য যে, পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পূৰ্বেই গাঁওৰ ৰাইজে জুলহাস আলীক আবদ্ধ কৰিছিল যদিও নিশা ওদালগুৰিত উদ্ধাৰ যোৱা মৃতদেহটো আব্দুল হালিমৰ চিনাক্ত হোৱাৰ পিছৰে পৰাই জুলহাস আলী আৰু তেওঁৰ পৰিয়ালৰ লোক পলাতক আছে বুলি জানিব পৰা গৈছে।