গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুন : ২০১২ চনত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা প্ৰাথমিক শিক্ষক সকলৰ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে ৰাজ্যৰ সমগ্ৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত মুঠ ৪১ হাজাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিবাদ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষকসকলে।

ধৰ্ণা কাৰ্যসূচীতে জিলা উপায়ুক্তৰ জৰিয়তে মুখমন্ত্ৰীলৈ ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ হস্তক্ষেপ দাবী কৰাৰ লগতে তেওঁৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে । যদি সেইয়া নহয় তেনেহলে অহা ২৯ জুনৰ দিনা দিছপুৰ চলোঁ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদী কাৰ্য্যসূচীত শিক্ষক সমাজৰ উপসভাপতি ৰাজীৱ ৰঞ্জনে সংবাদ মাধ্যমৰ আগত কয় ” শিক্ষামন্ত্ৰীয়ে ড্ৰাইভাৰৰ লগত তুলনা কৰিছে তাক লৈ আমি গৌৰৱ কৰিছোঁ কাৰণ আমি স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ড্ৰাইভাৰ, আমি তেওঁলোকক চলাই আছো ” । ইফালে শিক্ষামন্ত্ৰীকো এজন ড্ৰাইভাৰৰ লগত তুলনা কৰি তেওঁ কয় “শিক্ষামন্ত্ৰী নিজেও এজন ড্ৰাইভাৰ, তেওঁ নিজে শিক্ষা বিভাগ চলাই আছে। শিক্ষা বিভাগ চলোৱা মানুহজনো ড্ৰাইভাৰ।” তেওঁ আৰু কয় যে আমাৰ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে । তাৰ বাহিৰে বেলেগ দাবী নাই ।