কোকৰাঝাৰ : কোকৰাঝাৰত আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত নিহত তিনি ডকাইত। বেংকত ডকাইতি কৰি থকা সময়তে উপস্থিত আৰক্ষীৰ দল। আৰক্ষীৰ দলক লক্ষ্য কৰি ডকাইতৰ দলে প্ৰথমে গুলী চালনা কৰে। আৰক্ষীৰ প্ৰত্যুত্তৰ ছায় জনীয়া ডকাইতৰ দলৰ তিনি ডকাইত নিহত।

শনিবাৰে নিশাৰ ভাগত কোকৰাঝাৰ জিলাত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। গুলীয়াগুলীৰ ঘটনাত তিনি ডকাইত নিহত হয়। নিশাৰ ভাগত বেংকত ডকাইতি কৰিব আহিছিল ছায়জনীয়া ডকাইতৰ এটা দল। কোকৰাঝাৰ জিলাৰ ভোটগাঁৱৰ কাশিপাৰাস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ আহিছিল ডকাইতৰ দলটো।

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল যে এলাহাবাদ বেংকত ডকাইতৰ দল এটাই ডকাইতিকাণ্ড সংঘটিত কৰিবলৈ আহিছে। খবৰৰ ভিত্তিত আৰক্ষীৰ দলে অভিযান চলায়। আৰক্ষীৰ উপস্থিত হোৱাৰ লগে লগে ডকাইতৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ ধৰে। প্ৰত্যুত্তৰত আৰক্ষীও গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত ছয় জনীয়া ডকাইতৰ দলটোৰ তিনি ডকাইত গুৰুত্বৰভাৱে আহত হয়।

আৰক্ষীয়ে আহত তিনি ডকাইতক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ডকাইত তিনিজনক মৃত বুকি ঘোষণা কৰে। ডকাইত কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে সন্দেহ কৰিছে যে ডকাইত কেইজন গোৱালপাৰা জিলাৰ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, গেছ কাটাৰ, দুটা চিলিণ্ডাৰ আৰু ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এখন অটো জব্দ কৰিছে।