মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী তেলধালাত যুৱতীক ফোন কৰাক লৈ দুই ফৈদৰ মাজত মাৰপিট। মাৰপিটৰ ঘটনাত নিহত এজন যুৱক, আহত কেইবাজনো লোক। ঘৰত অগ্নি সংযোগ, ভস্মীভূত তিনিটাকৈ ঘৰ। গাঁওসভা চলি থকাৰ মাজতে আৰম্ভ হয় মাৰপিটৰ ঘটনা। এটা ফৈদৰ পৰিয়ালে ঘৰ এৰি পলায়ন কৰিছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী তেলধালাত শনিবাৰে নিশা এগৰাকী যুৱতীক ফোন কৰাক লৈ দুই ফৈদৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে পুৱাৰ ভাগত এটা ফৈদে আনটো ফৈদৰ ঘৰত অগ্নি সংযোগ কৰে। ফলত তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

তেলধালা গাঁৱৰ মতলেব আলী নামৰ এজন লোকৰ কন্যাক গাঁৱখনৰে মক্ৰম আলী নামৰ লোকজনৰ জোঁৱাই তৈয়ব আলীয়ে ফোন কৰাক লৈ দুই ফৈদৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়। বিষয়টোক লৈ শনিবাৰে নিশা প্ৰায় ৮ বজাত স্থানীয় গাঁওবাসীৰ সহযোগত ঘটনাৰ মিমাংসাৰ বাবে গাওঁ সভা অনুষ্ঠিত হয়। গাওঁসভাত ঘটনাৰ মীমাংসা চলি থকাৰ মাজতে দুয়োটা ফৈদৰ মাজত কথা কটাকটি হৈ প্ৰচণ্ড মাৰপিট আৰম্ভ হয়।

পৰিস্থিত নিয়ন্ত্ৰণহীন হৈ পৰাত গাওঁসভা ভংগ কৰি দিয়া হয় যদিও পৰিয়াল দুটাৰ দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট অব্যাহত থাকে। এই মাৰপিটৰ ঘটনাৰ ফলত মতলেব আলীৰ পুত্ৰ তথা যুৱতী গৰাকীৰ ভাতৃ আখিৰুল ইছলামসহ কেইবাজনো লোক আহত হয়। ইয়াৰে আখিৰুল ইছলামৰ অৱস্থা সংকটজনক হোৱাত আখিৰুল ইছলামক মানকাচৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু আধা বাটতে আখিৰুল ইছলাম মৃত্যু মুখত পৰে।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে পুৱাৰ ভাগত গাওঁখনত পুনৰ পৰিস্থিত উত্তপ্ত হৈ পৰে। ইয়াৰ পিছতে মক্ৰম আলী, তেওঁৰ জোঁৱাই তৈয়ব আলীসহ পৰিয়ালটো ঘৰ-দুৱাৰ এৰি পলায়ন কৰে। এই সুযোগ গ্ৰহণ কৰি মক্ৰম আলীৰ ঘৰত অগ্নি সংযোগ কৰে এটা দলে। মক্ৰম আলীৰ তিনিটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ কেইবা লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয়।

ঘটনাক কেন্দ্ৰ কৰি গাওঁখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। পুৱা প্ৰায় ৭.৩০ বজাত মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে এতিয়ালৈ কোনো লোকক আটক কৰা নাই যদিও এগৰকী যুৱতীক ফোন কৰাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনাত এজন যুৱক নিহত হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।