গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুন : ৰাইজ স্থানীয় বিধায়কৰ বিৰোধীতা স্বত্বেও সংগোপনে আৰম্ভ কৰিছে দ্বীপৰ বিলৰ পাৰত নিৰ্মান হ’বলগীয়া দ্বৈত ৰেলপথৰ জোখ-মাখ । বনবিভাগ আৰু ৰেলবিভাগ তথা প্ৰশাসনে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ লগত কোনোধৰনৰ আলোচনা-বিলোচনা নকৰাকৈ দ্বীপৰ বিলৰ পাৰত কৰিছে জোখ-মাখ ।

ইতিমধ্যে দ্বীপৰ বিলৰ পাৰেৰে যোৱা ৰেলপথটোত ১৪ টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে বহুতো জীৱ-জন্তুৰ মৃত্যু হৈছে কিন্তু এই সকলোবোৰ যেন এতিয়া আওকান কৰি উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই বনবিভাগৰ সহযোগত নিৰ্মান কৰিব ওলাইছে অইন এটি ৰেলপথ । স্থানীয় ৰাইজে দ্বীপৰ বিল সংৰক্ষনৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন নিবেদন কৰাৰ লগতে চৰকাৰখনেও দ্বীপৰ বিল সংৰক্ষনৰ কথা সততে কৈ আহিছিল কিন্তু এই সকলো যেন ফুটুকাৰ ফেনত পৰিনত হৈছে । যিকোনো প্ৰকাৰে যেন ৰেলবিভাগে দ্বীপৰ বিলৰ পাৰত নিৰ্মান কৰিবই দ্বৈত ৰেলপথ । পিছে স্থানীয় ৰাইজেও কোনোকাৰণতে দ্বীপৰ বিলৰ পাৰত নিৰ্মান হ’ব নিদিয়ে দ্বৈত ৰেলপথ । দৰকাৰ হ’লে ৰাইজে নিজে মৃত্যুক আকোৱালি ল’ব।

দ্বৈত ৰেলপথ নিৰ্মানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাও তীব্ৰ বিৰোধীতা কৰি আহিছিল কিন্তু স্থানীয় বিধায়ক গৰাকীক এতিয়া যেন আওকান কৰি নিৰ্মান হ’বই ৰেলপথ । উল্লেখ্য যে ৰেলবিভাগে চৰকাৰৰ অনুমতি অবিহনে ৰেলপথ নিৰ্মান কৰিব নোৱাৰে যদি নিৰ্মান কৰে এক সংঘাত সৃষ্টি হ’ব বুলি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মন্তব্য কৰিছিল ।

পক্ষী অভয়াৰণ্য হিচাপে দ্বীপৰ বিলক ২০০২ চনৰ নবেম্বৰ মাহত ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ৰামচাৰ চাইট হিচাপে । ইয়াৰোপৰি বন্যপ্ৰানী অভয়াৰণ্য হিচাপেও ঘোষণা কৰিছিল কিন্তু ঘোষণা কৰাৰ পিছতো এই জীৱকূলৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি । যাৰ ফলত এতিয়া জাঙোৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমীসকলোও ।

এতিয়া প্ৰশ্ন উঠে যদি চৰকাৰৰ অনুমতিয়ে নাই কেনেদৰে ৰেলবিভাগে অকলে নিৰ্মান কৰিব পাৰে দ্বৈত ৰেলপথ ? যদি দ্বীপৰ বিলৰ পাৰেৰে দ্বৈত ৰেলপথ নিৰ্মান হয় তেন্তে কি হ’ব বনহস্তীৰ লগতে অন্য জীৱ-জন্তুৰ ভৱিষ্যত ?