গুৱাহাটী, সংবাদ ৩৬৫, ২৯জুন : সততে বিতৰ্কৰ সন্মুখীন হৈ অহা ভ্ৰাম্যমাণ তথা সাংস্কৃতিক জগতখনক আৰু এখোজ আগুৱাই নিয়াৰ বাবে আশাৰ ৰেঙণি নামৰ এক সাংস্কৃতিক পেজৰ উদ্যোগত ২০১৮-১৯ নাট্যবৰ্ষৰ ওপৰত ভিত্তি কৰি অশেষ কষ্টেৰে বিশেষভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা অভিনেতা-অভিনেত্ৰী তথা সাংস্কৃতিক কৰ্মীক বঁটা প্ৰদান কৰা হয় ।

সেই অনুসৰি নাট্যকাৰ চম্পক শৰ্মাক বাদশ্বাহ উপাধি দিয়াৰ লগতে মহাকাল শ্ৰেষ্ঠ নাটকৰ সন্মান প্ৰদান কৰা হয়। শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা ( সূৰ্য্য গ্ৰহণ ) মৃদুল চুতীয়াক প্ৰদান কৰা হয় । শ্ৰেষ্ঠ অভিনেতা সঞ্জীৱ শৰ্মা ( মৰমৰ সদাগৰ ), শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত ( মিৰাবাঈ), জনপ্ৰিয় অভিনেতা ৰূপক বৈশ্য ( ৰামধেনুৰ ৰং ), জনপ্ৰিয় অভিনেত্ৰী মিনাক্ষী নেওগ ( ৰাধাই নামানে বাধা )কে ধৰি মুঠ ২৫ জন সাংস্কৃতিক কর্মৰাজিৰ লগত জড়িত ব্যক্তিক বঁটা প্ৰদান কৰা হয় ।