গুৱাহাটী : দন্ত চিকিৎসক সকলৰ সন্দৰ্ভত আঙুৰলতা ডেকাৰ বিৰূপ মন্তব্যৰ অভিযোগ। দন্ত চিকিৎসক সকলৰ সন্দৰ্ভত আঙুৰলতা ডেকাৰ মন্তব্যক তীব্ৰ গৰিহণা। আঙুৰলতা ডেকাই ক্ষমা খোজাৰ দাবী জনাই প্ৰতিবাদত নামিল দন্ত চিকিৎসক আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল।

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ হাতে হাতে প্লেকাৰ্ড। প্লেকাৰ্ডত লিখা আছে বিভিন্ন শ্ল’গান। কাৰোবাৰ হাতত ‘চিকিৎসক সকলক অপমান কৰা বন্ধ কৰক’, কাৰোবাৰ হাতত ‘চিকিৎসা সেৱাক বদনাম নকৰিব’ কাৰোবাৰ হাতত আকৌ ‘আঙুৰলতা ডেকা ক্ষমা খোজক’ লিখা প্লেকাৰ্ড।

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰী সকলে বুধবাৰে ৰূপায়ন কৰে এক প্ৰতিবাদী। যোৱা ১৬ ছেপ্টেম্বৰ তাৰিখে বিজেপি নেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই দন্ত চিকিৎসক সকলৰ সন্দৰ্ভত এক বিৰূপ মন্তব্য কৰাৰ অভিযোগত আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰী সকলে আঙুৰলতা ডেকাই দন্ত চিকিৎসক সন্দৰ্ভত কৰা মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই মন্তব্যৰ বাবে আঙুৰলতা ডেকাই অতি শীঘ্ৰে ক্ষমা খোজাৰ দাবী জনায়। প্ৰতিবাদকাৰী দন্ত চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰী সকলে আঙুৰলতা ডেকাৰ দন্ত চিকিৎসক সন্দৰ্ভত মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

উল্লেখ্য যে যোৱা ১৬ ছেপ্টেম্বৰত বিজেপি নেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই দন্ত চিকিৎসক সন্দৰ্ভত প্ৰদান কৰা মন্তব্যৰ।পিছতে দন্ত চিকিৎসক সকল জাঙুৰ খাই উঠিছে। আঙুৰলতা ডেকাৰ মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ট কৰাত দন্ত চিকিৎসকে আঙুৰলতা ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।