বোকাখাত : ৰাজ্যৰ গৌৰৱ এশিঙীয়া গঁড় সংৰক্ষণৰ দিশত অসম চৰকাৰৰ এক শক্তিশালী পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বােকাখাতত গঁড়ৰ খৰ্গৰ বিনষ্টকৰণৰ এক কাৰ্যসূচীত অংশগ্রহণ কৰে আৰু ২৪৭৯ টা খর্গ দাহন কার্যৰ আনুষ্ঠানিকভাৱে তদাৰক কৰে। উল্লেখযােগ্য যে গঁড়ৰ খৰ্গ সম্পর্কীয় ভ্রান্ত ধাৰণা নিমূলকৰণৰ লগতে ইয়াৰ ঔষধি মূল্য সম্পর্কীয় অন্ধবিশ্বাস দূৰ কৰিবলৈ আৰু গঁড়ৰ চোৰাং চিকাৰ তথা ইয়াৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে এক শক্তিশালী বার্তা প্রেৰণ কৰাৰ বাবে ৰাজ্যখনৰ সাতটা কোষাগাৰত জমা ৰখা গঁড়ৰ খৰ্গসমূহ আনুষ্ঠানিকভাৱে বিনষ্ট কৰাৰ বাবে যােৱা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছিল।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বুধবাৰে বিশ্ব গঁড় দিৱসৰ দিনা বােকাখাতত ৰাজহুৱাভাৱে গঁড়ৰ খৰ্গ দাহনৰ কাৰ্যসূচী ৰূপায়িত কৰা হয়। গঁড়ৰ খৰ্গ দহন কাৰ্যসূচীত প্রাকৃতিকভাৱে বা দুর্ঘটনাক্রমে মৃত্যুৰ মুখত পৰা গঁড়ৰ পৰা আহৰণ কৰা বা চোৰাং চিকাৰীৰ পৰা জব্দ কৰা মুঠ ২৬২৩ টা খৰ্গৰ ভিতৰত ২৪৭৯ টা খৰ্গ দাহন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্থাপন কৰিবলগীয়া এক সংগ্রহালয়ত খৰ্গৰ আকাৰ আৰু অৱয়বৰ ওপৰত ভিত্তি কৰি ৯৪ টা গঁড়ৰ খৰ্গ প্রদর্শনৰ বাবে সংৰক্ষণ কৰা হ’ব আৰু আদালতত বিচাৰাধীন গােচৰৰ বাবে ২৯ টা খর্গ সুকীয়াকৈ ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে বন্যপ্রাণীৰ চোৰাং চিকাৰৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ ধাৰাবাহিক প্রচেষ্টাৰ ফলত অসমত এশিঙীয়া গঁড়ৰ সংখ্যা ১৯৯৯ চনত ১৬৭২ টাৰ পৰা ২০১৮ চনৰ পিয়ল অনুসৰি ২৬৫২ টা লৈ বৃদ্ধি পাইছে। ইমান বৃহৎ পৰিমাণে গড়ৰ খৰ্গ আনুষ্ঠানিকভাৱে ধ্বংস কৰাৰ এই ঘটনা দেশ তথা বিশ্বৰ ভিতৰতে প্রথম বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰেবন্যপ্রাণী সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ লগতে গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধেও এক শক্তিশালী বার্তা প্রেৰণ কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

গঁড়ৰ খৰ্গৰ জমা ভাণ্ডাৰ বিক্ৰীৰ পৰা চৰকাৰে ৰাজহ উপার্জন কৰিব পাৰিলেহেঁতেন বুলি একাংশ মহলৰ পৰা লাভ কৰা পৰামৰ্শৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বন্যপ্রাণী সম্পত্তি আৰু সম্পদ বিক্রী বা ক্ৰয় কৰাটো দেশৰ আইনবিৰােধী আৰু সেয়েহে এই খৰ্গবােৰ ধ্বংস কৰা হৈছে। লগতে এই খৰ্গ বিক্ৰী কৰিলে গঁড়ৰ খৰ্গৰ ঔষধি মূল্য সম্পর্কীয় অন্ধবিশ্বাস প্ৰচাৰ কৰা হ’ব যিটো ৰাজ্য চৰকাৰে নিবিচাৰে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে মানৱ অংগৰ ব্যৱসায়িক অনুমতি দিব নােৱাৰাৰ দৰেই ৰাজ্য চৰকাৰ বন্যপ্রাণীৰ অংগৰ ব্যৱসায়কো উৎসাহিত নকৰাৰ বাবে প্রতিশ্রুতিবদ্ধ। এতিয়াৰে পৰা অসমত বন্য জন্তু হত্যাৰ চেষ্টা কৰাৰ পূর্বে চোৰাং চিকাৰীসকলে দুবাৰ ভাবিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এনে কোনােধৰণৰ কার্যকলাপক আশ্ৰয় নিদিয়ে আৰু ইয়াৰ লগত জড়িত অপৰাধীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যবস্থা গ্রহণ কৰিব। তেওঁ লগতে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যােৱা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে প্রস্তাৱিত এলিভেটেড কৰিডৰটো বন্য জন্তুৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই নির্মাণ কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে অহা ১ অক্টোবৰৰ পৰা পর্যটক আৰু দর্শনার্থীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ’ব। ৰাজ্য চৰকাৰে অর্থনৈতিক কাম-কাজ স্বাভাৱিক কৰাৰ বাবে ক’ভিডৰ নিষেধাজ্ঞাসমূহ সম্পূৰ্ণৰূপে উঠাই লােৱাৰ দিশত কাম কৰি আছে বুলি তেওঁ কয়। গঁড়ৰ খৰ্গ দহন অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্রী অতুল বৰা, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্রী ইউ জি ব্রহ্মা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান সচিব অবিনাশ যােশী, মুখ্য বন পালক এম কে যাদৱ, প্রধান মুখ্য বন সংৰক্ষক ড° অলকা ভাৱৰ লগতে অন্যান্য বিশিষ্ট বক্তিসকল উপস্থিত আছিল।