গুৱাহাটী,২৫ মেঃ ধলা-শদিয়াত দলংত নিৰাপত্তাৰ দোহাই দি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰবেশত বাধা দিয়াৰ পিছত বিজেপি তিনি বিধায়কে দলংত চেলফি উঠা ঘটনাৰ প্ৰতিবাদত অসম যুৱ প্ৰদেশ কংগ্ৰেছ আৰু এন এছ ইউ আয়ে দলং খনৰ জিৰ’ পইন্টত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠন দুটাই উজনি অসম বন্ধ দিয়াৰ লগতে যুৱ প্ৰদেশৰ সভাপতি হিৰণ্য ভুঞাৰ নেতৃত্বত যোৱা এটা দলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰখনৰ একনায়কত্ববাদী মনোভাবৰ কঠোৰ সমালোচনা কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলাত আৰক্ষীয়ে লাঠি চালনা কৰি পৰিস্থিতি শান্ত কৰাৰ চেষ্টা কৰে৷ লগতে অসম যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি দিগন্ত ভূঞা, এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি মনোজ হাজৰিকাকে ধৰি ২৮ জন সদস্যক আটক কৰে৷ চৰকাৰ তথা প্ৰশাসনৰ এই ভূমিকাৰ প্ৰতিবাদত যুৱ কংগ্ৰেছ আৰু এন এচ ইউ আয়ে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ তেজপুৰ, শোণিতপুৰ আৰু বৰপেটা জিলাত যুৱ কংগ্ৰেছ আৰু এন এচ ইউ আয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে৷ আনহাতে যুৱ কংগ্ৰেছ আৰু এন এচ ইউ আয়ে কালিলৈ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী অন্ত নোহোৱালৈকে অসম বন্ধ কাৰ্য্যসূচী পালনৰ হুংকাৰ দিয়ে৷