মাজুলী ২৫ মেঃ মাজুলীবাসীলৈ আহিছে তীব্ৰ সংকট,তাকে লৈ আতংকিত হৈ পৰিছে মাজুলীবাসী। মাজুলীৰ ৰক্ষাকৱচ স্বৰূপ ১ নং শৈল্য স্পাৰ মূল অংশ  বাহনি পানীয়ে উটুৱাই নিয়ে।  ব্ৰহ্মপুত্ৰ বৰ্ডৰ হেমাহি আৰু মেৰামতি অভাৱত শৈল্য বান্ধটোৰ মূল অংশ উটুৱাই নিয়ে বাহনি পানীয়ে। আনহাতে স্পাৰ কাষত ভয়াৱহ গৰাখহনীয়া অব্যাহত আছে৷ গৰাখহনীয়াত ঘৰ-সম্পতি জাহ যোৱাৰ আংশকাত বিনিদ্ৰাত কটাবলগীয়া হৈছে এই অঞ্চলৰ বাসিন্দা সকলে৷ পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰ তথা ব্ৰহ্মপুত্ৰৰ বৰ্ডৰ নিৰ্লিপ্ত ভূমিকাত সোঁচ্চৰ হৈ পৰিছে মাজুলীৰ বাসিন্দা সকল৷ বান-গৰাখহনীয়া ৰোধ কৰাত বাৰম্বাৰ ব্যৰ্থ হোৱা ব্ৰহ্মপুত্ৰ বৰ্ডৰ ওপৰত কিয় পুণৰ মাজুলীৰ সুৰক্ষা দায়িত্ব অৰ্পণ কৰিছে তাকে লৈ প্ৰশ্ন উদয় হৈছে মাজুলীবাসীৰ মনত। মাজুলী সুৰক্ষাৰ নামত অহা কোটি কোটি টকা কাৰ জেপত সোমাইছেে কিয় মাজুলীৰ সুৰক্ষাক লৈ বিহিত ব্যৱস্থা লোৱা হোৱা নাই, তাকে লৈ সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৃহত্তৰ মাজুলীৰ স্বাৰ্থত বগাহাটীত পৰিণত হোৱা ব্ৰহ্মপুত্ৰ বৰ্ডক মাজুলী সুৰক্ষা দায়িত্বৰ পৰা আঁতৰাবলৈ দাবী জনাইছে মাজুলীৰ আছু-কৰ্মীসকলে।