ধুবুৰী : গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুজন গৰু সৰবৰাহকাৰী। নদী পথেৰে বাংলাদেশলৈ গৰু নি থকা অৱস্থাত গৰু সৰবৰাহকাৰীৰ দলটোক লক্ষ্য কৰি গুলী চালনা কৰে ধুবুৰী আৰক্ষীয়ে।

ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে গৰু সৰবৰাহকাৰী এটা দলক লক্ষ্য কৰি গুলী চালনা কৰে। ধুবুৰী আৰক্ষীৰ গুলীত গৰু সৰবৰাহকাৰী দলটোৰ দুজন সদস্য আহত হয়। আহত গৰু সৰবৰাহকাৰী দুজন ধুবুৰী থানাৰ অন্তৰ্গত কাতলামাৰীৰ বাসিন্দা ৰফিক চান্দ আৰু ফকিৰ চান্দ বুলি জানিব পৰা গৈছে।

এক গোপন খবৰৰ ভিত্তিত নিশা ধুবুৰী আৰক্ষীয়ে গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সীমান্তৰ চালবান্দাত অভিযান চলায়। নদী পথেৰে এখন নাওত গৰু নি গৈ থকা অৱস্থাত গৰু সৰবৰাহকাৰীক দল এটাক আৰক্ষীয়ে ৰাখিবলৈ নিৰ্দেশ দিয়ে যদিও দলটো পলায়নৰ চেষ্টা চলায়।

গৰু সৰবৰাহকাৰীৰ দলটো পলাবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে গৰু সৰবৰাহকাৰী দলটোক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত ৰফিক চান্দ আৰু ফকিৰ চান্দ নামৰ গৰু সৰবৰাহকাৰী দুজন গুলীবিদ্ধ হয় আৰু দলটোৰ অনা সদস্য সকলে গুলীবিদ্ধ দুজনক এৰি পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গুলীবিদ্ধ গৰু সৰবৰাহকাৰী দুজনক আটক কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে গৰু সৰবৰাহকাৰীৰ নাওৰ পৰা ১০ টকা গৰু আৰু ম’হ জব্দ কৰিছে। উল্লেখ্য যে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ধৰাবহিক অভিযানৰ পিছতো একাংশ গৰু সৰবৰাহকাৰীয়ে গৰু সৰবৰাহ অব্যাহত ৰাখিছে।