বকো : বকোৰ বন্দাপাৰা চেখাদাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বনৰীয়া হাতীৰ জাকক খেদিবলৈ বন বিভাগে চালনা কৰা গুলীত গুলীবিদ্ধ মাতৃ-কন্যা। কন্যা শিশুটি নিহিত হোৱা বুলি জানিব পৰা গৈছে। নিহত কন্যা শিশুটি ২ বছৰীয়া আৰ্বি দৈমাৰী আহত মহিলা গৰাকীৰ নাম মালবিকা দৈমাৰী।

কামৰূপ জিলাৰ বকোৰ বন্দাপাৰা চেখাদাৰীত বন বিভাগে বনৰীয়া হাতীৰ জাকক খেদিবলৈ চালনা কৰা গুলীত এগৰাকী ২ বছৰীয়া কন্যা শিশু নিহত হোৱাৰ লগতে কন্যা শিশুটিৰ মাতৃ আহত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা। ঘটনাস্থলীত উপস্থিত হৈছে বকোৰ ৰাজহ চক্ৰ বিষয়া ৰাজ বৰুৱা।

পশ্চিম কামৰূপৰ বন বিষয়া দিম্পী বৰাও উপস্থিত হৈছে ঘটনাস্থলীত। বন বিভাগৰ গুলীত আহত হোৱা মহিলা গৰাকীকবকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতে একাংশ উত্তেজিত ৰাইজে কিছু সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উত্তেজিত ৰাইজে আৰক্ষীৰ সৈতেও তৰ্কযুদ্ধত লিপ্ত হয়।

উল্লেখ্য যে বন্দাপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাননি পথাৰত শুকুৰবাৰে পুৱাৰ ভাগত ধান কাটি থকা একাংশ লোকৰ ওপৰত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে আক্ৰমণ চলায়। বনৰীয়া হাতীৰ আক্ৰমণত সঞ্জয় দাস নামৰ এজন লোক গুৰুত্বৰভাৱে আহত হয়। ইয়াৰ পিছতে বন বিভাগে বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ অভিযান আৰম্ভ কৰে।