লখিমপুৰ ৩০ মে’, ২০২৪ : লক্ষীমপুৰত ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ বানৰ বিভিষীকা। পানীৰ ঢলে উটুৱাই নিলে চাৰিজনকৈ লোকক। ইয়াৰে এজন বৰ্তমানেও সন্ধানহীন হৈ আছে। এই ঘটনাক মানৱাধিকাৰ উলঙ্ঘন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ড০ দিব্যজ্যোতি শইকীয়াৰ (Dibyajyoti Saikia)।

অসম অৰুণাচল সীমান্তৰ গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই যিদৰে ধেমাজি, লখিমপুৰ, মাজুলীবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে ঠিক তেনেদৰে প্ৰতিবছৰে ৪০৫ মেগাৱাট শক্তি সম্পন্ন ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই লখিমপুৰৰ নামনিত বিভিষীকাৰ সৃষ্টি কৰি আহিছে৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্প তথা নীপকোৰ পানীয়ে লখিমপুৰৰ জহিঙত প্ৰতিবছৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷

নীপকো সৃষ্ট কৃত্ৰিম বানপানীৰ ঢলে পুনৰ চাৰিজন লোকক উটুৱাই নিয়ে৷ জহিং ১ নং লাইনৰ ২৫ বছৰীয়া চামচুল চুৰিন, ৫১ বছৰীয়া চিমচান কুঞ্জে, ৪১ বছৰীয়া আগনুছ তিৰ্কি আৰু ৫০ বছৰীয়া অনজুল চুৰিন নামৰ লোক চাৰিজন লোকক পানীৰ ঢলে উটুৱাই নিয়ে। ইয়াৰে তিনিজন লোকক উদ্ধাৰ কৰা হয় যদিও চামচুল চুৰিন নামৰ লোকজন বৰ্তমানলৈকে সন্ধানহীন হৈ আছে৷ আৰক্ষী, ৰাজহ চক্ৰ বিষয়াৰ লগতে এচ ডি আৰ এফ বাহিনী আৰু স্থানীয় লোকে লোকজনৰ উদ্ধাৰ অভিযান চলাই আছে যদিও নিশাৰ ভাগলৈকে সফলতা লাভ কৰা নাছিল।

আনহাতে পানীৰ ঢলে উটুৱাই নিয়া চাৰিজন লোকৰ ভিতৰত দুজন লোক ওৰে নিশা ৰঙানদীৰ বক্ষৰ এটা সৰু দ্বীপত গছত উঠি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। পিছত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে চাৰিজনৰ ভিতৰত তিনিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে নীপকোৰ ঢলে তিনিটা পশুধনো উটুৱাই নিয়ে৷ স্থানীয় লোকসকলে অভিযোগ কৰে যে দীৰ্ঘদিন ধৰি সেই স্থানত নীপকোক চাইৰেনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও নীপকো কতৃৰ্পক্ষই সেই দাবী আওকান কৰি অহাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি অভিযোগ তুলিছে৷ নীপকো কতৃৰ্পক্ষই কেৱল লখিমপুৰ জিলা প্ৰশাসনক জাননী দি দায় সাৰি আহিছে৷

নীপকোৱে হঠাতে ৰঙানদীত গেট খুলি দিয়াৰ পিছত কেবাফুট উচ্ছতাৰে অহা ঢলে নিমিষতে আটাইকেইজন লোকক উটুৱাই নিয়াৰ লগতে চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে৷ আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে উক্ত লোক কেইজনে ৰঙানদীত জাল পাতি মাছ ধৰিবলৈ গৈছিল। ইপিনে ৰঙানদীৰ কৃত্ৰিম বানে পাচনৈ অঞ্চলত এটা পথ বিছিন্ন কৰাত তিনিখনকৈ গাঁৱৰ মাজত যোগাযোগ ব্যাহত হৈ পৰিছে। উল্লেখ্য যে নীপকোৰ বানে ২০০৮ চনত লখিমপুৰত ২২ জনকৈ লোকক উটুৱাই নিয়াৰ পিছতে আটাইকেইজনৰে সলিল সমাধি ঘটিছিল৷

নিপকোৱে আজি বহু বছৰৰ পৰা মাইকিং নকৰাকৈ হঠাৎ পানী এৰি দি সাধাৰণ জনতাৰ ক্ষতি কৰা কাৰ্যক গৰিহণা জনোৱাৰ লগতে এনে কাৰ্য মানৱাধিকাৰ উলঙ্ঘন বুলি তীব্ৰ সমালোচনা কৰে অসমৰ যুক্তিবাদী চিন্তাবিদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই। ড০ শইকীয়াই পুনৰ কয় যে চৰকাৰ, প্ৰশাসন আৰু নিপকো আদি সকলোৱে মিলি বাৰম্বাৰ বানপানীৰ সময়ত মানব অধিকাৰ উলঙ্ঘন কৰা ঘটনাটো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে গুৰুতত্ব সহকাৰে লৈ ব্যবস্থা গ্ৰহণ কৰিবৰ বাবে তেওঁ আহ্বান জনায়।