নিউজ, ১৮ মাৰ্চ, ২০২৪ : এক অগ্ৰগামী পদক্ষেপ হিচাপে, নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মেডজিফেমা চক্ৰৰ ছিপামা গাঁৱত অৱস্থিত ডিমাপুৰ-কোহিমাৰ নতুন ৰে’ল লাইন (Railway Track) প্ৰকল্পৰ অন্তৰ্গত টানেল নং. ৭ ৰ পোৰ্টেল নং. ১ ত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। এই সুৰংগটো ডিমাপুৰ-কোহিমা নতুন ৰে’ল লাইন প্ৰকল্পৰ আটাইতকৈ দীঘল সুৰংগ হ’ব। 

এই সুৰংগটোৰ দৈৰ্ঘ্য ৬,৬১০ মিটাৰ। ছিপামা গাঁৱত সুৰংগ নং ৭ ৰ পোৰ্টেল নং. ১ ত উপনীত হ’বলৈ পাহাৰৰ মাজেৰে ১২ কিলোমিটাৰ দীঘল পথ এটা নিৰ্মাণ কৰা হয়। সুৰংগটো এই প্ৰকল্পটোৰ ফেৰিমা আৰু পিফেমা ষ্টেচনৰ মাজত অৱস্থিত। ৮২.৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ (অসমত ২.৭৫ কিলোমিটাৰ আৰু নাগালেণ্ডত ৭৯.৭৫ কিলোমিটাৰ) ডিমাপুৰ-কোহিমা নতুন ৰে’ললাইন প্ৰকল্প, যি অসমৰ ধনশিৰি ষ্টেচনৰ পৰা কোহিমাৰ কাষৰ জুবজা পৰ্যন্ত গৈছে, ৬,৬৬৩ কোটি টকাৰ আনুমাণিক ব্যয়েৰে নিৰ্মাণ কৰা হৈ আছে।

প্ৰকল্পটোত ৮ টা নতুন ষ্টেচন আছে যেনে ধনশিৰি, ধনশিৰিপাৰ, শোখুভি, মোলভম, ফেৰিমা, পিফেমা, মেংগুজুমা আৰু জুবজা। প্ৰকল্পটোত অন্তৰ্ভুক্ত আছে ২৭ খন বৃহৎ সেঁতু , ১৪৮ খন সৰু সেঁতু, ৫ খন ৰোড অভাৰ ব্ৰীজ, ১৫ খন ৰোড আণ্ডাৰ ব্ৰীজ আৰু ৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২১ টা টানেল। ধনশিৰিৰ পৰা শোখুভিলৈ ১৬.৫ কিলোমিটাৰৰ অংশ ইতিমধ্যে অক্টোবৰ, ২০২১ ত সম্পূৰ্ণ কৰা হয়। শেহতীয়াকৈ শোখুভিৰ পৰা অৰুণাচল প্ৰদেশৰ নাহৰলগুন আৰু মেঘালয়ৰ মেন্দিপথাৰলৈ যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ কৰা হৈছে। 

এই নতুন ৰে’ল সংযোগ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত, বৰ্তমানৰ তুলনাত যথেষ্ট কম ব্যয়েৰে খাদ্যশস্য, পেট্ৰ’লিয়াম সামগ্ৰী, অটোমোবাইল আৰু বিভিন্ন আন্তঃগাঁথনিমূলক আৰু নিৰ্মাণ সামগ্ৰীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী নাগালেণ্ডলৈ পৰিবহন কৰাত সহায়ক হ’ব। এই উন্নয়নে স্থানীয় লোকসকলক যথেষ্ট লাভান্বিত কৰিব, কিয়নো ই ৰাজ্যখনৰ অৰ্থনীতিক যথেষ্ট সমৃদ্ধি প্ৰদান কৰিব বুলি আশা কৰা হৈছে আৰু ই স্থানীয় লোকসকলক যোগাযোগৰ এক সুলভ আৰু নিৰ্ভৰযোগ্য উপায় প্ৰদান কৰিব।