ডিমাপুৰ, ১৭ মাৰ্চ, ২০২৪ : নগালেণ্ড চৰকাৰৰ সহযোগত নগালেণ্ড অলিম্পিক সন্থাই আয়োজন কৰা তৃতীয় উত্তৰ পূব ক্ৰীড়া (North East Games) কাইলৈৰ পৰা আৰম্ভ হ’ব৷ ইতিমধ্যে আয়োজকে প্ৰতিযোগিতাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ প্ৰতিযোগিতাৰ পূৰ্ব ঘোষিত সূচী অনুসৰি কাইলৈ নিশা সাত বজাত ডিমাপুৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ আসন্ন উত্তৰ পূব ক্ৰীড়াৰ বাবে নতুনকৈ নিৰ্মান কৰা গেমছ ভিলেজৰ চৌহদতে উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হৈছে৷

উল্লেখ্য যে চাৰিদিন পূৰ্বে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই ডিমাপুৰ চহৰৰ চুমৌকেডিমাত নৱ নিৰ্মিত গেমছ ভিলেজ মুকলি কৰিছিল৷ তৃতীয় উত্তৰ পূৱ ক্ৰীড়াত অংশ ল’ব লগা আঠ ৰাজ্যৰ প্ৰায় আঢ়ৈ হেজাৰ খেলুৱৈ-বিষয়াক এই গেমছ ভিলেজতে থকা-খোৱাৰ সুন্দৰ ব্যৱস্থা কৰিছে নগালেণ্ড চৰকাৰে৷ কাইলৈ পুৱাৰে পৰাই খেলুৱৈ-বিষয়াৰ বাবে গেমছ ভিলেজৰ দুৱাৰ মুকলি কৰা হ’ব৷ প্ৰতিযোগিতাৰ খেলসমুহ আৰম্ভ হ’ব অহা ১৯ মাৰ্চৰ পৰা৷ ইফালে, আজি পুৱা আহি ডিমাপুৰত উপস্থিত হৈছে অসম দলৰ চিফ দ্য মিছন অমল নাৰায়ণ পাটোৱাৰী আৰু দুই ডেপুটি চিফ দ্য মিছন উজ্জ্বল বৰুৱা আৰু পংকজ টেৰণ৷

অসম দলৰ থকা-খোৱাৰ ব্যৱস্থা আগতীয়াকৈ চোৱা-চিতা কৰাৰ লগতে ক্ৰীড়াস্থলীসমুহো পৰিদৰ্শন কৰিছে৷ প্ৰতিযোগিতাত অংশ ল’ব লগা অসম দলৰ খেলুৱৈসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰবাবেই ২৪ ঘণ্টা পূৰ্বে ডিমাপুৰলৈ আহিছে অসম অলিম্পিক সন্থাৰ বিষয়াৰ দলটো৷ কাইলৈ পুৱা ডিমাপুৰত উপস্থিত হ’ব অসমৰ প্ৰথমটো দল৷ উল্লেখ্য যে অহা ২৩ মাৰ্চলৈ অনুষ্ঠিত হ’বলগা তৃতীয় উত্তৰ পূব ক্ৰীড়াত মুঠ ১৫ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে আৰু এইবাৰ অসমৰ ল’ৰা-ছোৱালীয়ে প্ৰতিবিধ খেলতে অংশগ্ৰহণ কৰিব৷ ছয় দিনীয়া প্ৰতিযোগিতাখনলৈ অসম অলিম্পিক সন্থাই প্ৰায় ৩৭০ জনীয়া এটা বৃহৎ দল প্ৰেৰণ কৰিছে৷

কাইলৈ কিন্তু অসমৰ টাইকোৱান-ড’, মল্লযুঁজ আৰু বেল্ট ৰেষ্টলিং দল নাযায়৷ এই তিনিবিধ খেল অন্তিম তিনিটা দিনত অনুষ্ঠিত হ’ব৷ ইফালে, কাইলৈৰ উদ্বোধনী অনুষ্ঠানত অসমৰ এথলেটিকছৰ খেলুৱৈসকলেও অংশ ল’ব নোৱাৰে কাৰণ কহিমাত অনুষ্ঠিত হ’ব এথলেটিকছ৷ কাইলৈ ডিমাপুৰৰ পৰাই দলটো কহিমালৈ ৰাওনা হ’ব৷ উল্লেখ্য যে মেঘালয়ত অনুষ্ঠিত হোৱা বিগত উত্তৰ পূব ক্ৰীড়াত অসমে ৭৯ টা সোণ, ৬১ টা ৰূপ আৰু ৬৩ টা ব্ৰঞ্জসহ মুঠ ২০৩ টা পদক লাভ কৰি দ্বিতীয় স্থানত আছিল৷

এইবাৰ অসমৰ প্ৰদৰ্শন উন্নত হ’ব বুলি অসম অলিম্পিক সন্থাই আশাব্যক্ত কৰিছে৷ এইবাৰৰ তৃতীয় উত্তৰ পূব ক্ৰীড়াত অন্তৰ্ভুক্ত হোৱা ১৫ বিধ খেল হৈছে ক্ৰমে আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বাস্কেটবল, বক্সিং, ফুটবল, টেনিছ, পেনচাক ছিলাট, ছেপাক টাক্ৰ’, টেবুল টেনিছ, টাইকোৱান-ড’, ভলীবল, বেল্ট ৰেষ্টলিং, উশ্বু আৰু মল্লযুঁজ৷ এথলেটিকছক বাদ দি সকলো খেল ডিমাপুৰতে অনুষ্ঠিত হ’ব৷