গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ ভাৰতীয় জনতা পাটি অসম প্ৰদেশে জিলা বুথ সমিতিৰ উদ্যোগত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০১ সংখ্যক জন্মজয়ন্তী পালন কৰে৷ বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়তো দিছপুৰ সমষ্টিৰ বুথ সমিতিৰ লগতে দলৰ ৰাজ্যিক নেতৃবৃন্দ আৰু কার্যকর্তাসকলৰ উপস্থিতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। ৰাজ্যিক সম্পাদক ড০ অমিয় কুমাৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত সভাত দলৰ ৰাজ্যিক উপ সভাপতি লংকি ফাংচুৱে সভাপতিত্ব কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। সভাত স্থানীয় বিশিষ্ট নাগৰিক তথা সমাজসেৱক হেমচন্দ্ৰ গোস্বামী আৰু শাৰদা কলিতাক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। সভাৰ আৰম্ভনীতে দলৰ ৰাজ্যিক সম্পাদক দিপুৰঞ্জন শৰ্মাই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি তেওঁৰ দৰ্শন আৰু আদৰ্শৰ বিষয়ে চমু বক্তব্য দিয়ে৷ শৰ্মাই ভাৰতীয় জনতা পাটিৰ পূর্বসূৰী ৰাজনৈতিক দল ভাৰতীয় জনতা সংঘৰ প্ৰতিষ্ঠাৰ দিনৰে পৰা ১৯৬৮ চনৰ ১১ ফেব্ৰুৱাৰীৰ মৃত্যুৰ আগমূহুর্তলৈকে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দলৰ লগতে ভাৰতবৰ্ষৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৰিহনাৰ বিষয়ে বক্তব্যত উল্লেখ কৰে। সভাত পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ আদৰ্শ আৰু ভাৰতীয় জনতা পাটি শীর্ষক বিষয়ৰ ওপৰত বক্তব্য দি দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড০ প্রদীপ ঠাকুৰীয়াই দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাবাদ দর্শনৰ তত্ব বিতংভাৱে আলোকপাত কৰে। ড০ ঠাকুৰীয়াই একাত্ম মানৱতাবাদৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ পুনৰ উজ্জীৱিত কৰাৰ বাবে প্রতিজন দলীয় কার্যকর্তাই প্ৰয়াস কৰাৰ কাৰণে আহ্বান জনায়।