গুৱাহাটী, ১৫ অক্টোবৰ, ২০২৩ : ’সমাজৰ প্ৰচলিত জনবিশ্বাসবোৰৰ বৈজ্ঞানিক ব্যাখ্যাৰে সুচিকিৎসক তথা লেখক ডাঃ দেৱজিত শৰ্মাই (Dr. Debojit Sarma) লিখা ’খুৰী, মাহীৰ পৃথিৱী : জনবিশ্বাস আৰু স্বাস্থ্যবিজ্ঞান’ শীৰ্ষক কিতাপখন অসমৰ সমাজজীৱনৰ বাবে এখন অপৰিহাৰ্য গ্ৰন্থ হ’ব৷ শিশুৰ বিভিন্ন ৰোগৰ লগতে সামগ্ৰিকভাৱে জনস্বাস্থ্যজনিত বিভিন্ন প্ৰাসঙ্গিক বিষয়ৰ অৱতাৰণাৰে তেওঁ খুব সুন্দৰভাৱে ফঁহিয়াই দেখুৱাইছে৷’

দেওবাৰে অসম সাহিত্য সভাৰ লখিমী বৰুৱা সদনত আয়োজিত এক আড়ম্বৰপূৰ্ণ সভাত প্ৰজ্ঞা মিডিয়াহাইপৰ হৈ উজ্জ্বল বৰাই প্ৰকাশ কৰা ডাঃ দেৱজিত শৰ্মাৰ ’খুৰী, মাহীৰ পৃথিৱী : জনবিশ্বাস আৰু স্বাস্থ্যবিজ্ঞান’ নামৰ কিতাপখন উন্মোচন কৰি এইদৰে কয় বিশিষ্ট চিকিৎসক ডাঃ জ্ঞানেন্দ্ৰনাথ শৰ্মাই৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ডাঃ জ্ঞানেন্দ্ৰনাথ শৰ্মাৰ লগতে অংশ লয় বিশিষ্ট চিকিৎসক ডাঃ অতুল শৰ্মা, বিশিষ্ট লেখক তপন কুমাৰ শৰ্মা, বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া, বিশিষ্ট সাংবাদিক ক্ৰমে সঞ্জীৱ ফুকন আৰু গৌতম শৰ্মাই৷

আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই বিয়া নাম আৰু জ্যোতি সংগীতৰ শাৰী গাই অসমৰ সমাজ জীৱনত সম্পৃক্ত হৈ থকা জনবিশ্বাস আৰু বিজ্ঞানক ফঁহিয়াই দেখুৱাই কয় যে ডাঃ দেৱজিত শৰ্মাৰ এই কিতাপখনে অসমীয়া ৰাইজক বহুলভাৱে উপকৃত কৰিব৷ দৈনিক জনমভূমি কাকতৰ সম্পাদক সঞ্জীৱ ফুকনেও এই কিতাপখনে আমাৰ সমাজত প্ৰচলিত হৈ থকা ভুল প্ৰথাবোৰক বিজ্ঞান দৃষ্টিৰে চাবলৈ শিকাব বুলি মন্তব্য কৰে৷

অনুষ্ঠানত লেখক তপন কুমাৰ শৰ্মাইও কিতাপখনে ৰাইজক বহু উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে৷ দেওবাৰৰ অনুষ্ঠানটো লেখক ডাঃ দেৱজিত শৰ্মাৰ সহধৰ্মিনী ড° ভূপালী শৰ্মাৰ সৰস্বতী বন্দনাৰে শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানত সুচিকিৎসক ক্ৰমে ডাঃ অভিনন্দন দাস, ডাঃ গৰিমা শইকীয়া, অধিবক্তা ক্ৰমে শান্তণু বৰঠাকুৰ আৰু সৌৰভ দিহিঙিয়া আদিকে ধৰি শতাধিক লোক উপস্থিত থাকে৷