গুৱাহাটী : অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্র নাথ প্ৰধানীৰ নির্দেশ ক্রমে সোমবাৰৰ বিশেষ সভাই অসম সত্ৰ মহাসভা আৰু সমন্বিত যুৱ তীৰ্থৰ সদস্য আৰু ৰাইজৰ উপস্থিতিত অসম সত্র মহাসভাৰ যুৱ সংগঠন সমন্বিত যুৱ তীর্থক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ প্রয়াসেৰে সমন্বিত যুৱ তীৰ্থৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, সত্ৰ যুৱ বন্ধু উপাধিৰে বিভূষিত, সত্ৰ মহাসভাৰ আজীৱন আৰু হিতৈষী সদস্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ গুৰুদ্বায়িত্ব ভাৰ অৰ্পণ কৰা হয়। উল্লেখযােগ্য যে দীর্ঘদিন ধৰি সমন্বিত যুৱতীৰ্থত এজন দক্ষ আৰু সক্রিয় কর্মী (উপদেষ্টা)ৰ অভাৱ মহাসভাই অনুভৱ কৰি আহিছে।

মহাসভাই ডঃ দিব্যজ্যোতি শইকীয়াক অতি কমেও আগন্তক দুটা কার্যকালৰ বাবে মুখ্য উপদেষ্টা হিচাপে থাকি যুৱ তীর্থক মার্গ দশনেৰে আগুৱাই নিবৰ বাবে দায়িত্ব অর্পণ কৰিছে। উল্লেখনীয় যে অসম সত্ৰ মহাসভাৰ হিতৈষী সদস্য, আজীৱন সদস্য,”সমন্বিত যুৱ তীর্থৰ প্রতিষ্ঠাপক, সত্ৰ যুৱ বন্ধু উপাধিৰে বিভুষিত, অসম সত্ৰ মহাসভাৰ সেতুবন্ধ মানৱৰ্তা বঁটাৰে বিভূষিত, আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়ােগ আৰু বিশ্ব সংবিধান সংসদ সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সদস্য, টীম আন্নাৰ ৰাষ্ট্ৰীয় সদস্য, সামাজিক সংগঠন ব্ৰাডাৰছৰ সচিব প্রধানকে আদি কৰি বহু ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় সংগঠন তথা সামাজিক অনুষ্ঠানৰ বিষয় ববীয়া হােৱাৰ লগতে ডঃ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে ষাঠি তাতকৈ অধিক ৰাষ্ট্ৰীয় বঁটা আৰু প্রায় বিশ টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে ডাইনী বিৰােধী, সমাজ সংস্কাৰধৰ্মী, মানৱতাবাদী, মানৱ অধিকাৰ, আৰু সমাজ সেৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা দুটাকৈ সন্মানীয় ডক্টৰেট উপাধি লাভ কৰিবলৈ সক্ষম হৈছে।

প্রতিস্থাপক সাধাৰণ সম্পাদক তথা এগৰাকী ব্যুৎপত্তি সম্পন্ন ব্যক্তি হিচাপে সত্ৰৰ ভূমি বেদখলমুক্ত কৰা, বান খহনীয়া, ৰাজ্যৰ সীমা সমস্যা সমাধান, সত্ৰ সঞ্চালাকালয়, সত্র সমূহৰ লগতে বিভিন্ন জাতি জনগােষ্ঠীৰ বৃহত্তৰ অসমীয়া সমাজৰ হকে ডঃ দিব্যজ্যোতি শইকীয়াৰ বহু উল্লেখযােগ্য অৱদান আছে। অসম সত্ৰ মহাসভাই গভীৰ প্ৰত্যয়পূর্ণভাৱে ডঃ দিব্যজ্যোতি শইকীয়াক দায়িত্বভাৰ লৈ অসমৰ সমূহ যুৱপ্ৰজন্মক আগুৱাই লৈ যাবৰ বাবে মুখ্য উপদেষ্টাৰ গধুৰ দায়িত্বভাৰ প্ৰদান কৰিছে।