গুৱাহাটী : পুনৰ মহানগৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী। মহানগৰী আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীক। হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীক।

দেওবাৰে স্বাধীনতা দিৱসৰ দিনা মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। হাতীগাঁৱৰ অশোক পথৰ এটা ভাড়া ঘৰৰ পৰা আৰক্ষীয়ে ৰনা বেগম নামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীক গ্ৰেপ্তাৰ কৰে।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে মহিলা গৰাকীৰ কবলৰ পৰা ১০ গ্ৰাম হে’ৰইন জব্দ কৰাৰ লগতে নগদ ৪০ হাজাৰ টকা আৰু এ এছ-০১-ইএন-৭৪৮৬ নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে। মহিলা গৰাকী দীঘলীপুখুৰী অঞ্চলৰ বাসিন্ধা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি মহানগৰী আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইটাও সাফল্য লাভ কৰিছে।