যোৰহাট, ১ চেপ্টেম্বৰঃ যোৰহাটৰ উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কেন্দ্ৰত ২৩ সংখ্যক ড০ যোগেন্দ্ৰ নাথ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান অনুস্থিত হয়। ড০ ৰমেশ চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুস্থিত হোৱা বক্তৃতানুষ্ঠানত পদ্মভূষণ ড০ এ ভি ৰামা ৰাওঁ বিশিষ্ট বক্তা, আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ জেইছ ৰাজ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ড০ এ ভি ৰামা ৰাওঁৱে যোগেন্দ্ৰ নাথ বৰুৱা ব্যক্তিত্ব সন্দৰ্ভত বক্তব্য দিয়ে৷ বক্তৃতানুষ্ঠানৰ লগত সংগতি ৰাখি পুত্ৰ মানস প্ৰতিম বৰুৱাৰ আৰ্থিক অনুদানেৰে যোগেন্দ্ৰ নাথ বৰুৱাৰ এক প্ৰতিমূৰ্তি স্থাপন কৰা হয়। স্মাৰক বক্তৃতানুষ্ঠানৰ লগত সামঞ্জস্য ৰাখি ক্ৰেচেণ্ট একাডেমিৰ ছাত্ৰ  পাৰ্থজ্যোতি বৰুৱাক ষ্টুডেণ্ট স্কলাৰশ্বিপ প্ৰদান কৰা হয়। উল্লেখ্য যে, ড০ যোগেন্দ্ৰ নাথ বৰুৱা অসম বিজ্ঞান সমাজৰ প্ৰাক্তন সভাপতিৰ লগতে যোৰহাট বিজ্ঞান সমাজৰ প্ৰতিষ্ঠাপক তথা ২২ বছৰ সঞ্চালক পদত অধিস্থিত আছিল ।