অনলাইন ডেস্ক সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ(সৌজন্য-viralinindia.net) সাধৱী ধৰ্ষণ গোচৰত ডেৰা প্ৰমুখ বাবা গুৰমিত ৰাম ৰহিমক চিবিআই আদালতে কাৰাদণ্ড বিহাৰ পিছত পিছত ছ’চিয়েল মিডিয়াত মোডীৰ নাম বিশেষ ভাবে চৰ্চিত হৈছিল৷ কিন্তু সাধী ধৰ্ষণ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ লগত প্ৰথমৰ পৰা জড়িত থকা ব্যক্তিজনৰ নাম সমগ্ৰ ঘটনাৰ আঁৰত সোমাই পৰিছিল৷ উল্লেখ্য যে, স্বঘোষিত ঈশ্বৰ, ডেৰা ছাচা ছৌডাৰ প্রধান গুৰমিত ৰাম ৰহিম সিঙক ২০০২ চনত দুগৰাকী সাধবীক (মহিলা ভক্ত) ধর্ষণ কৰা বাবে চিবিআয়ে এজাহাৰ দাখিল কৰিছিল আৰু ২০০৮ চনৰ পৰা সাধৱী ধৰ্ষণ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ সাধবীৰ পত্ৰখন ২০০২ চনত কেন্দ্ৰ এনডিএ চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লাভ কৰিছিল আৰু বাজপেয়ীয়ে পৰবৰ্ত্তী কাম কাজৰ কাৰণে  পত্ৰখন ন্যায়ালয়লৈ প্ৰেৰণ কৰে৷ কিন্তু এই তদন্ত প্ৰক্ৰিয়াত বিভিন্ন পক্ষৰ পৰা নানা ধৰণৰ হেঁচা প্ৰয়োগ কৰা হৈছিল৷ ইয়াৰ পিছতে ২০০৪ত কেন্দ্ৰত ইউপিএ চৰকাৰ গঠন কৰে আৰু মনমোহন সিঙে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে৷ কাৰ্য্যভাৰ গ্ৰহণৰ পিছতে প্ৰধানমন্ত্ৰী মনমোহন সিঙে চিবিআইক সকলো ৰাজনৈতিক, সামাজিক, ধৰ্মীয় বান্ধোনৰ পৰা মুক্ত কৰি সাধবী ধৰ্ষণ গোচৰৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিয়ে৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশৰ পিছত চিবিআইৰ অৱসৰপ্ৰাপ্ত ডিজিএম এম নাৰায়নে ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ মনমোহন সিঙেও সাধবী ধৰ্ষণ ঘটনাৰ তদন্তকাৰী সন্থাৰ লগত নিৰবিচ্ছিন্ন ভাবে যোগাযোগ ৰাখে৷ ঘটনাৰ তদন্তৰ প্ৰাৰম্ভিক পৰ্য্যায়ত চিবিআই বহু সমস্যাৰ সন্মুখীন হৈছিল৷ চিবিআইৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল বাবা ৰাম ৰহিমৰ ধৰ্ষণৰ বলি হোৱা সাধৱীৰ সন্ধান চলোৱা৷ অৱশেষত চিবিআইয়ে বহু বিচাৰ কৰা পিছত ১০গৰাকী সাধবীৰ সন্ধান লাভ কৰে৷ কিন্তু ইয়াৰে দুগৰাকীয়ে সাধৱীয়েহে বাবা গুৰমিত ৰাম ৰহিমৰ বিৰুদ্ধে সাক্ষী দিবলৈ মান্তি হয়৷ অৱশেষত ২০০৮ চনৰ পৰা সাধৱী ধৰ্ষণ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু দুগৰাকী সাধৱীৰ সাক্ষ্যই সমগ্ৰ গোচৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ সাধৱী ধৰ্ষণ গোচৰত প্ৰধানমন্ত্ৰী মনমোহন সিঙে গ্ৰহণ কৰা সৱল ভূমিকাৰ কাৰণে ডেৰা প্ৰমুখ বাবা গুৰমিত ৰাম ৰহিমক চিবিআই আদালতে ৬৪ হাজাৰ টকা জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড বিহে৷