গুৱাহাটী : ৰাজ্য চৰকাৰে অসমত পাম খেতিৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ মতে, পাম তেল উৎপাদনৰ বাবে কৰা খেতিৰ ফলত পৰিৱেশৰ ওপৰত তীব্ৰ নেতিবাচক প্ৰভাৱ পৰে আৰু সেয়ে ৰাজ্য চৰকাৰে পাম খেতিক উৎসাহিত কৰাটো বন্ধ কৰিব লাগে৷ বৃহস্পতিবাৰে আয়োজিত এখন সংবাদ মেলত দলৰ দুই নেতা অভিজিত কমল ভূঞা আৰু জিয়াউৰ ৰহমানে কয় যে পাম ভাৰত চৰকাৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় ভোজ্য তেল। অইলাৰ পাম মিচনৰ অংশ স্বৰূপে অসমৰ কেইবালাখ হেক্টৰ কৃষিভূমিত পাম খেতি কৰিবৰ বাবে ৰাজ্য চৰকাৰে সুবিধা কৰি দিছে৷ উক্ত মিচনৰ অংশ স্বৰূপে আদানি গ্ৰুপ আৰু বাবা ৰামদেৱৰ প্ৰতিষ্ঠনে অসমত পাম তেল আহৰণৰ বাবে খেতি কৰিব৷ কিন্তু পাম গছৰ খেতিয়ে প্ৰকৃতি ধ্বংস কৰে বুলি বিশ্বৰ বিজ্ঞানী মহলে কৈ আহিছে৷ পাম গছৰ খেতি বিশ্বজোৰা ধ্বংসৰ তৃতীয়টো কাৰণ৷

পৃথিৱীৰ বহু দেশে পৰিৱেশৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলায় কাৰণে পাম গছৰ খেতি নিষিদ্ধ কৰিছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লগতে অসমত ব্যাপক হাৰত পাম খেতিৰ লক্ষ্য লৈছে আৰু সেই মৰ্মে ৰাজ্য চৰকাৰে মিচন মুডত কেন্দ্ৰৰ ইচ্ছা পূৰণৰ দিশে অগ্ৰসৰ হৈছে৷ উক্ত অভিযান চলিলে অসমৰ পৰিৱেশৰ ওপৰত ভয়াবহ নেতিবাচক প্ৰভাৱ পৰিব বুলি কয় অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে। সংবাদ মেলত নেতাদ্বয়ে কয় যে যি সময়ত সমগ্ৰ বিশ্বৰ বিজ্ঞানী তথা পৰিৱেশ বিশেষজ্ঞ সকলে পাম গছৰ খেতিৰ বিৰুদ্ধে মত দি আছে তেনে সময়ত অসমৰ দৰে প্ৰকৃতিৰ স্বৰ্গপুৰী সদৃশ ৰাজ্যত ব্যাপক হাৰত পাম খেতি কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ অসমৰ সামগ্ৰিক স্বাৰ্থৰ বিৰোধী৷ নেতাদ্বয়ে কয় যে চৰকাৰে কি গৱেষণাৰ ভিত্তিত অসম পাম খেতিৰ বাবে উপযুক্ত বুলি ধিৰাং তাৰ তথ্য ৰাজহুৱা কৰক৷

“অসমৰ প্ৰকৃতিৰ প্ৰতি পাম খেতিয়ে ইতিবাচক নে নেতিবাচক প্ৰভাৱ পেলাব, সেয়া অধ্যয়ন কৰিবলৈ ৰাজ্য চৰকাৰে বিজ্ঞানী, প্ৰকৃতিবিদ আৰু দল-সংগঠনৰ প্ৰতিনিধিক লৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰক আৰু খেতি আৰম্ভ কৰালৈকে উক্ত কমিটীৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰক৷ যদি পাম খেতিয়ে বিশ্বৰ অন্য প্ৰান্তৰ দৰে অসমৰ প্ৰকৃতিৰ প্ৰতি ভাৱুকি কঢ়িওৱা নাই বৰং এই খেতিৰ দ্বাৰা অৰ্থনৈতিকভাৱে অধিক হাৰত লাভৱান হ’ব পাৰি বুলি চৰকাৰ নিশ্চিত হৈছে, তেনেহ’লে খেতি কৰাৰ সুবিধা অকল আদানি আৰু ৰামদেৱলৈ কিয় আগবঢ়োৱা হৈছে? আমাৰ ৰাজ্যৰ থলুৱা কৃষকলৈ এই সুবিধা কিয় আগবঢ়োৱা হোৱা নাই? অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে সংবাদ মেলত প্ৰশ্ন উত্থাপন কৰে৷