গুৱাহাটী : সুৰামত্ত যুৱতীয়ে মহতিয়াই নিলে ৯ জনকৈ শ্ৰমিকক। ডিঙিলৈকে সুৰাপান কৰি যুৱতীয়ে গুৱাহাটীৰ ৰাজপথত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিয়ে। শনিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত ৰুক্মিণীগাঁৱত সংঘটিত হয় এই দুর্ঘটনা। দুৰ্ঘটনাত আহত দুজন শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

নিশা মহানগৰীৰ ৰাজপথত এগৰাকী সুৰামত্ত যুৱতীয়ে সংঘটিত কৰিলে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ডিঙিলৈকে সুৰাপান কৰা যুৱতী গৰাকীয়ে নিজৰ বাহনেৰে ৰুক্মিণীগাঁৱত পথৰ ওপৰত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিয়ে। জানিব পৰা মতে যুৱতী গৰাকীয়ে নিশা তাজ ভিভান্টাত জন্মদিনৰ পাৰ্টীত সুৰাপান কৰি ঘৰলৈ উভতি যোৱাৰ পথত এই দুর্ঘটনা সংঘটিত কৰে।

দুর্ঘটনাৰ পিছতে একাংশ লোকে অহাত শ্ৰমিক সকলক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীক আটক কৰি থানলৈ নিয়ে। জানিব পৰা মতে সুৰাৰ নিচাত মাতাল যুৱতী গৰাকীয়ে আৰক্ষীৰ লগতো উদ্ভণ্ডালি কৰে। সুৰা মত্ত যুৱতী গৰাকীৰ এএছ-০১-এজি-২২৯৪ নম্বৰৰ চাৰিচকীয়া বাহনখনো আৰক্ষীয়ে জব্দ কৰি থানালৈ নিয়ে।

যুৱতী গৰাকীয়ে ৰাজপথত শ্ৰমিক সকলক মহতিয়াই নিয়াৰ লগতে এখন বাহনতো খুন্দা মৰাত বাহনখন ৰাজপথৰ ওপৰত বাগৰি পৰে। যুৱতী গৰাকীৰ বিৰুদ্ধে পূৰ্বেও সুৰাৰ নিচাত ৰাজপথত উদ্ভণ্ডালি কৰাৰ অভিযোগ আছে বুলিও জানিব পৰা গৈছে। ইভেণ্ট মেনেজমেণ্টৰ কাম কৰা যুৱতী গৰাকীও দুর্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে। ইফাকে আহত ৯ জন শ্ৰমিকৰ ভিতৰত ২ জন শ্ৰমিকৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে।