চিৰাং : অহিংসাৰ পূজাৰী জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জয়ন্তীৰ দিনাই বন্যপ্ৰাণীৰ লগত হিংসাতম কাণ্ড নকৰাৰ শপত। অস্ত্ৰ ত্যাগ কৰি বন্যপ্ৰাণীৰ নিধনযজ্ঞৰ পৰা আঁতৰি থকাৰ শপত ললে পাঁচ শতাধিক চোৰাং চিকাৰীয়ে। বড়ো ভূমিৰ বনাঞ্চল আৰু বন্যপ্ৰাণী সমূহ সুৰক্ষিত ৰাখিবলৈ অস্ত্ৰ ত্যাগ কৰিলে এই বৃহৎ সংখ্যক চোৰাং চিকাৰীয়ে।

শনিবাৰে গান্ধী জয়ন্তীৰ দিনাই চিৰাং জিলাৰ বেংতল বন বিভাগৰ কাৰ্যালয়ত বিটিআৰ প্ৰশাসনৰ ওচৰত চোৰাং চিকাৰী সকলে অস্ত্ৰ ত্যাগ কৰে। বিটিআৰ বনবিভাগৰ উদ্যোগত চোৰাং চিকাৰীৰ অস্ত্ৰ ত্যাগ অনুষ্ঠানত এই বৃহৎ সংখ্যক চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰে। বিটিআৰ প্ৰশাসন আৰু বনবিভাগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিটিআৰৰ অন্তৰ্গত বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণী হত্যাৰ হিংসাৰ পথ ত্যাগ কৰি কৰি পাঁচ শতাধিক চোৰাং চিকাৰীয়ে শান্তিৰ পথলৈ ঘূৰি আহে।

অস্ত্ৰ ত্যাগ অনুষ্ঠানত বড়ো ভূমিত বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণীৰ নিধনযজ্ঞ চলাই থকা চোৰাং সকলে বৃহৎ পৰিমাণৰ অস্ত্ৰ প্ৰশাসনৰ হাতত জমা দিয়ে। উল্লেখ্য যে বিগত সময়ছোৱাত চিৰাং আৰু বাক্সা জিলাৰ সীমান্তবৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যান, কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, উল্টাপানী, লুংচুং সংৰক্ষিত বনাঞ্চলৰ লগতে ভাৰত-ভুটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰী সকল গছ কাটি ধ্বংসলীলাৰ লগতে বন্যপ্ৰাণীৰ নিধনযজ্ঞ চলাই আছিল।

বনাঞ্চল ধ্বংসলীলাৰ আৰু বন্যপ্ৰাণী নিধনযজ্ঞৰ লগত জড়িত এই বৃহৎ সংখ্যক চোৰাং চিকাৰীৰ আত্মসমৰ্পণে বিটিআৰ অঞ্চলত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত এক যোগাত্মক দিশ হিচাপে বিবেচিত হৈছে। আত্মসমৰ্পণ কৰা এই চোৰাং চিকাৰী সকলে ২৫৪ টা হস্তনিৰ্মিত বন্দুক, বুজন পৰিমাণৰ বিস্ফোৰক, ৭০ টা যন্ত্ৰচালিত গছ কটা কৰত, ১২ টা পহুৰ শিং, চোৰাং কাঠ কঢ়িয়াই কাৰ্যত ব্যৱহাৰ কৰা মটৰচাইকেল আৰু বহু সামগ্ৰী প্ৰশাসনৰ হাতত জমা দিয়ে।

অস্ত্ৰ ত্যাগ অনুষ্ঠানত বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডঃ এল আৰ বিষ্ণয়, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, বনবিভাগৰ মুখ্য বিষয়া অনুৰাগ সিঙৰ লগতে অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ এই সকল চোৰাং চিকাৰী আৰু চোৰাং কাঠ ব্যবসায়ীয়ে আত্মসমৰ্পণ কৰে। অতি শীঘ্ৰে বিটিআৰৰ সংৰক্ষিত বনাঞ্চল সমূহ বেদখলমুক্ত কৰাৰ লগতে বনাঞ্চলৰ ভূমিত বসবাস কৰা লোক সকলক অন্য ঠাইত সংস্থাপন দিয়া হ’ব বুলি কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে জানিবলৈ দিয়ে।