আজিজ আলী
মুকালমুৱা : বজাৰত ফুৰি থাকোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক। দীর্ঘদিন পিছত ডিব্ৰুগড়ৰ পৰা আহি দৌলাশাল বজাৰত ফুৰি থাকোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আমানুৰ ৰহমান নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক। নলবাৰী আৰু বৰপেটা জিলাত আমানুৰ ৰহমানে চলাই আহিছিল ড্ৰাগছৰ সৰবৰাহ।

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰি এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ দেওবাৰে নিশা দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে।

নিশাৰ ভাগত দৌলাশাল বজাৰত ফুৰি থকা অৱস্থাত আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে। ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা আমানুৰ ৰহমান বহিঃৰাজ্যৰ লগতে ডিব্ৰুগড়ত আত্মগোপন কৰি আছিল। দীর্ঘদিন ধৰি আত্মগোপন কৰি থকাৰ পিছত অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে আমানুৰ ৰহমান।

দীর্ঘদিন পিছত ডিব্ৰুগড়ৰ পৰা আহি দৌলাশাল বজাৰত ফুৰি থাকোতে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আমানুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ীত। আমানুৰ ৰহমানে দীৰ্ঘদিন ধৰি নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তবৰ্তী অঞ্চল সমূহত ড্ৰাগছৰ অবাধ ব্যৱসায় চলাই আহিছিল৷

আমানুৰ ৰহমানে ড্ৰাগছ সৰবৰাহত জড়িত থকা বুলি মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছৰে পৰা মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে আমানুৰ ৰহমানক বিচাৰি অভিযান চলাই আছিল৷ কিন্তু আৰক্ষীৰ চকুত ধূলি দি আমানুৰ ৰহমান বহিঃৰাজ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছিল।

ধৃত আমানুৰ ৰহমানৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত পুর্বে ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত সোমবাৰে নলবাৰী আদালতত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানক হাজিৰ কৰে আৰক্ষীয়ে। আদালতে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানক জেল হাজোতলৈ প্ৰেৰণ কৰে।