আৰক্ষীৰ অভিযানত গাঞ্জাসহ জব্দ ৩ লাখ ১১ হাজাৰ ১৮০ টকা

In ৰাজ্য
Umra Package

জোনমণি বেগম
বিশ্বনাথ : আৰক্ষীৰ অভিযানত গাঞ্জাসহ জব্দ ৩ লাখ ১১ হাজাৰ ১৮০ টকা। বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত বিশ্বনাথৰ বাঘমাৰিৰ চাহ বাগিচাৰ ৫ নং লাইনত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জাসহ নগদ ৩ লাখ ১১ হাজাৰ ১৮০ টকা। এগৰাকী মহিলা গাঞ্জা ব্যৱসায়ীৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়। 

সোমবাৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত জিনজিয়া আৰক্ষী থানাৰ এটা দলে ৩০ নং অৰ্ধ সামৰিক বাহিনীৰ সহযোগত এক অভিযান চলায়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে বিশ্বনাথৰ বাঘমাৰি চাহ বাগিচাৰ ৫ নং লাইনৰ মালতী তাঁতী নামৰ এগৰাকী মহিলা ঘৰত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাসহ নগদ ধন।

উল্লেখ্য যে মালতী তাঁতী নামৰ মহিলা গৰাকীয়ে নিজ ঘৰৰ পৰাই দীর্ঘদিন ধৰি গাঞ্জাৰ ব্যবসায়ী চলাই আহিছিল। সোমবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলটোৱে মহিলা গাঞ্জা ব্যবসায়ী গৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ গঞ্জাখিনি জব্দ কৰাত স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস লয়। আৰক্ষীৰ মালতী তাঁতী নামৰ মহিলাগৰাকীক সোধা-পোছাৰ বাবে আটক কৰিছে।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu