২৩ অক্টোবৰত আমৰণ অনশনৰ হুংকাৰ দুৰ্নীতি বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ

যোৰহাট, ১৭ অক্টোবৰঃ যোৰহাটৰ উন্নয়নৰ বাবে আৱণ্টিত আনটাইড ফাণ্ড কেলেংকাৰীৰ মূল অভিযুক্তৰ বিৰুদ্ধে চৰকাৰে প্ৰশাসনিক আৰু আইনগত ব্যৱস্থা গ্ৰহণৰ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দুৰ্নীতি বিৰোধী যৌথ সংগ্ৰামী মঞ্চই৷ যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত মঞ্চৰ নেতৃবৃন্দই সদৰি কৰা মতে, যোৰহাটৰ উন্নয়নৰ বাবে বিভিন্ন শিতানৰ আৱন্টিত ২০০ কোটি টকা আৰু আনটাইড ফাণ্ডৰ ৫০ কোটি টকাৰ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য কেগৰ প্ৰতিবেদনত ফদিল হোৱাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কেলেংকাৰীৰ মূল অভিযুক্তক বৰ্তমান পৰ্য্যন্ত আটক নকৰাতো আশ্চৰ্য্য জনক৷ কেলেংকাৰীৰ গোচৰত অভিযুক্ত পাঁচজনকৈ বিষয়া, কৰ্মচাৰী, ঠিকাদাৰ জেলত থাকিবলগীয়া হোৱাৰ পাছতো একে গোচৰতে অভিযুক্ত যোৰহাটৰ পূৰ্বৰ উপায়ুক্তৰ ওপৰত কোনো ধৰণৰ প্ৰশাসনিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ নকৰাত বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে৷ মঞ্চই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ ঘোষণাক সৰোগত কৰি শীঘ্ৰে উক্ত কেলেংকাৰীত জড়িত সোলাংকী বিশাল বসন্তৰ ওপৰত প্ৰশাসনিক আৰু আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আনটাইড ফাণ্ড কেলেংকাৰীৰ মূল অভিযুক্ত আটক কৰাৰ দাবীত মঞ্চই ২৩ অক্টোবৰত আমৰণ অনশন কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ পিছতো সমগ্ৰ বিষয়ত নিৰপেক্ষ আৰু আইনসন্মত বিচাৰ নহ’লে, ই গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ প্ৰতি ভাবুকি হিচাপে পৰিগণিত হ’ব বুলি দুৰ্নীতি বিৰোধী যৌথ সংগ্ৰামী মঞ্চই অভিযোগ কৰে৷