কলগাছিয়া, ১৭ অক্টোবৰ: বৰপেটাৰোডত ভতিজাই খুৰাকৰ ডিঙি কাটি হত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, নিহত ব্যক্তিজন বৰপেটাৰোডৰ শ্যাম মাৰ্কেটিং নামৰ ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী দুলাল বনিক৷ দুলাল বনিকে সন্ধিয়া ৫.৩০ত নিজ ব্যৱসায় প্ৰতিষ্ঠানত ব্যস্ত থকা সময়ত পাৰ্থ বণিকে হঠাতে দোকানৰ ভিতৰত প্ৰৱেশ কৰি চুৰীৰে ডিঙি ৰেপি হত্যা কৰে৷ স্থানীয় লোকে পাৰ্থ বনিকক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত পাৰ্থ বনিকৰ পিতৃ নেপাল বনিককো আটক কৰে৷ পাৰ্থ বনিকে খুৰাক দুলাল বনিকক হত্যা কৰাৰ কাৰণ সন্দৰ্ভত বৰ্তমান পৰ্য্যন্ত একো জানিব পৰা হোৱা নাই৷ জানিব পৰা মতে, পাৰ্থ পূৰ্বেও বিভিন্ন অপৰাধমূলক কাম কাজৰ লগত জড়িত আছিল আৰু দুবাৰকৈ জেল খাটিছিল৷