নিউজ ডেস্ক ১২ জুলাই, ২০২৬ : ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ (Football) তিনিওটা ট্ৰফী শনিবাৰে প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’বলগা অন্যতম স্থান ছিলঙত ফুটবলপ্ৰেমীৰ বাবে মুকলি কৰা হয়৷ মেঘালয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৱাইলাদমিকি শ্বিল্লাই আনুষ্ঠানিকভাবে উন্মোচন কৰাৰ পাছত চহৰৰ বিভিন্ন স্থানত ট্ৰফী প্ৰদৰ্শন কৰা হয়৷

অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল মোহিত ৱাধৱা, এয়াৰ মাশ্বৰ্াল দেৱেন্দ্ৰ পি হিৰানী, মেজৰ জেনেৰেল ডি কে সিং, মেজৰ জেনেৰেল জয় সিং বেইনছলাসহ ভাৰতীয় সেনাৰ বিষয়া, মেঘালয় চৰকাৰৰ বিষয়া, ৰাজ্যিক অলিম্পিক তথা ফুটবল সন্থাৰ বিষয়ববিয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে এইবাৰ অসম, মেঘালয় আৰু মণিপুৰসহ উত্তৰ-পূবৰ তিনি ৰাজ্যত ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ’ব৷ আনহাতে, প্ৰথমবাৰৰ বাবে ঝাৰখণ্ডত খেল অনুষ্ঠিত হোৱাৰ লগতে কলকাতাত প্ৰতিযোগিতাৰ উদ্বোধনী আৰু ফাইনেলসহ লীগ তথা নকআউটৰ মেচ হ’ব৷

মেঘালয়ে একেৰাহে তৃতীয় বছৰৰ বাবে ডুৰাণ্ড কাপৰ আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে৷ মেঘালয়ত ৩১ জুলাইৰ পৰা এটা গ্ৰুপৰ লীগৰ খেল হোৱাৰ লগতে ছিলঙত এখন কোৱাৰ্টাৰ তথা ছেমিফাইনেল মেচো অনুষ্ঠিত হ’ব৷ শনিবাৰে মুকলি হোৱা ট্ৰফী ১৪ জুলাইলৈ শ্বিলঙত প্ৰদৰ্শিত হোৱাৰ পাছত অহা ১৫ জুলাইত ইম্ফলত তথা ১৬ আৰু ১৭ জুলাইত গুৱাহাটী প্ৰদৰ্শন কৰা হ’ব৷

উল্লেখ্য যে এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ খেল এইবাৰ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ ঘোষিত সূচী অনুসৰি গ্ৰুপ ‘এফ’ৰ খেল অহা পহিলা আগষ্টৰ পৰা অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷