গুৱাহাটী, ১১ জুলাই, ২০২৬ : সাংবাদিকৰ প্ৰতি অসৌজন্যমূলক আচৰণ, প্ৰশ্ন কৰাৰ সাংবিধানিক আৰু পেছাদাৰী অধিকাৰত হস্তক্ষেপ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত ক্ৰমবৰ্ধমান আক্ৰমণৰ প্ৰতিবাদত (Protest) আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সাংবাদিকৰ প্ৰতিবাদী সভা অনুষ্ঠিত হয়। শেহতীয়াকৈ গুৱাহাটীৰ মধ্য আৰক্ষী জিলাৰ শীৰ্ষ বিষয়া (ডিচিপি) সম্ভাৱী মিশ্ৰই প্ৰাগজ্যোতিষপুৰ থানাত এখন সংবাদমেল অনুষ্ঠিত কৰি নিমন্ত্ৰিত সাংবাদিক চামচুল ৰহমান আৰু বিভাস দাসে সোধা প্ৰশ্নত সাংবাদিক দুজনৰ প্ৰতি যি অসৌজন্যমূলক আচৰণ প্ৰদৰ্শন কৰিছিল, তাক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা আৰু সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাকে ধৰি প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাব, পূব-গুৱাহাটী প্ৰেছ ক্লাব, বশিষ্ঠ প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু অসম বাৰ্তাজীৱি সংঘ, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ প্ৰতিনিধিসকলৰ লগতে গুৱাহাটীস্থিত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক, সংবাদকৰ্মীসকল উপস্থিত থাকি আৰক্ষী বিষয়াগৰাকীৰ অপেছাদাৰী আচৰণৰ তীব্ৰ প্ৰতিবাদ কৰে। সভাত উপস্থিত সাংবাদিকসকলে বক্তব্য আগবঢ়াই কয় যে সাংবাদিকে জনস্বাৰ্থৰ বিষয়ত প্ৰশ্ন সোধাটো সাংবাদিকৰ পেছাদাৰী দায়িত্ব আৰু গণতান্ত্ৰিক অধিকাৰ। কিন্তু প্ৰশ্ন কৰাৰ বাবেই সাংবাদিকক মানসিকভাৱে অভিযুক্ত বা অপৰাধীৰ দৰে ব্যৱহাৰ কৰাটো কেৱল ব্যক্তিগত অসৌজন্যতাই নহয়, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকতাৰ মৌলিক মূল্যবোধৰ প্ৰতিও এক অশুভ সংকেত।
সভাত বক্তাসকলে আক্ষেপ প্ৰকাশ কৰি কয় যে, গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা হৈছে জনস্বাৰ্থৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰা আৰু সত্যৰ পক্ষত জবাবদিহিতা নিশ্চিত কৰা। সেই অধিকাৰ খৰ্ব কৰাৰ যিকোনো প্ৰয়াস গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী। আৰক্ষী বা প্ৰশাসনৰ কোনো বিষয়াই সাংবাদিকক ভয়-ভীতি প্ৰদৰ্শন কৰা, হেয় জ্ঞান কৰা বা কৰ্তব্য পালনত বাধা সৃষ্টি কৰা বিষয়টো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰি বুলি ক্ষোভ প্ৰকাশ কৰি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই সমস্ত ঘটনাৰ নিৰপেক্ষ পৰ্যালোচনা কৰি ক্ষমতাই মূৰত ধৰা তথাকথিত আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে ভৱিষ্যতে যাতে কোনো সাংবাদিকে নিজৰ পেছাদাৰী দায়িত্ব পালন কৰোঁতে এনে পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগে, তাৰ বাবে সুস্পষ্ট নীতি আৰু সাংবাদিকৰ অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ আহ্বান জনোৱা হয়।
আনহাতে, লখিমপুৰ জিলাৰ সাংবাদিক অঞ্জন উপাধ্যায়ক দুৰ্নীতি সংক্ৰান্তীয় বাতৰি পৰিৱেশন কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাকো গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিয়ে। সভাত বক্তাসকলে কয় যে, যদি সংবাদ পৰিবেশনৰ ফলত কোনো সাংবাদিকক প্ৰতিহিংসামূলকভাৱে লক্ষ্য কৰি আইনৰ ব্যৱহাৰ কৰা হয়, তেন্তে সেয়া সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে গভীৰ উদ্বেগৰ বিষয়। গুৱাহাটী প্ৰেছ ক্লাবে অঞ্জন উপাধ্যায়ৰ ঘটনাৰ নিৰপেক্ষ আৰু ন্যায়সংগত তদন্তৰ দাবী জনোৱাৰ লগতে, যদি গ্ৰেপ্তাৰ প্ৰক্ৰিয়াত কোনো পক্ষপাতিত্ব বা ক্ষমতাৰ অপব্যৱহাৰ হৈছে, তেন্তে তাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে অনতিপলমে তেওঁক ন্যায়সংগত আইনী সুবিধা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে।
কাৰ্যসূচীৰ অন্তত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই কয় যে, সাংবাদিকক ভয় দেখুৱাই বা হাৰাশাস্তি কৰি গণতন্ত্ৰ শক্তিশালী কৰিব নোৱাৰি। সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰাটো গণতন্ত্ৰৰ অন্যতম ভেঁটি। সেয়ে সাংবাদিকৰ পেছাদাৰী মৰ্যাদা, মত প্ৰকাশৰ স্বাধীনতা আৰু প্ৰশ্ন কৰাৰ অধিকাৰ সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। গুৱাহাটী প্ৰেছ ক্লাবে স্পষ্ট কৰি দিয়ে যে, সাংবাদিকৰ ন্যাৰ্য অধিকাৰ, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ স্বাৰ্থত ভৱিষ্যতেও এনে যিকোনো ঘটনাৰ বিৰুদ্ধে প্ৰেছ ক্লাবে দৃঢ়ভাৱে মাত মাতি যাব।
