গুৱাহাটী, ৬ অক্টোবৰ, ২০২৪ : শাৰদীয় দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজতে খাদ্যৰসিকসকলক (Food Lovers) বাংলা থিম বুফে ডিনাৰত মহাভোজলৈ আমন্ত্ৰণ জনাইছে নভোটেল গুৱাহাটীয়ে। পূজাৰ বতৰত ৯ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ সন্ধিয়া ৭ বজাৰ পৰা ১১ বজালৈ অতিথিসকলে তেওঁলোকৰ ৰেস্তোঁৰা দ্য স্কোৱাৰত উপভোগ কৰিব পাৰিব বংগৰ পৰম্পৰাগত সোৱাদ আৰু সংস্কৃতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই বিশেষ খাদ্য অভিজ্ঞতা।

নভোটেলৰ প্ৰতিভাৱান বাংলা চেফ লালটু সাহাৰ দ্বাৰা নিখুঁতভাৱে প্ৰস্তুত কৰা এই মহাভোজত অতিথিসকলে আমেজ ল’ব পাৰিব পৰম্পৰাগত বাংলা সুস্বাদু খাদ্যৰ এক বিশাল শৃংখলৰ। বংগৰ প্ৰসিদ্ধ মাছেৰ ঝোলৰ পৰা আৰম্ভ কৰি সুগন্ধি বাসন্তী পোলাও আৰু গুড় পায়স, ৰসগোল্লাৰ দৰে মিষ্টান্নলৈকে প্ৰতিবিধ ব্যঞ্জনে খাদ্যপ্ৰেমী অতিথিসকলক প্ৰদান কৰিব বাংলা সুস্বাদু খাদ্যসম্ভাৰৰ অনন্য সোৱাদ। প্ৰতিদিনে পৃথকে পৃথকে প্ৰস্তুত কৰা খাদ্য মেন্যুত সন্নিৱিষ্ট কৰা হ’ব লুচিৰ সৈতে কোছা মাংস, বেকড মিষ্টি দৈ, চোলাৰ দাল, আলুৰ ডম আৰু লুচি, ভাপত দিয়া চিংৰা, মটন ডাক বাংলো, ছ’ৰচে দিয়ে মাছ, বেগুনি, পোলাও, ৰসগোল্ল, ৰাজভোগ, সন্দেশ, মালপোৱা, ৰসমলাই আৰু পায়সৰ দৰে বিশেষ মিষ্টান্ন আৰু খাদ্যসম্ভাৰ।

উল্লেখ্য যে, ৰেস্তোঁৰাখনৰ এই মহাভোজৰ সময়ছোৱাত পৰম্পৰাগত সজ্জা আৰু লাইভ সাংস্কৃতিক পৰিবেশনে উৎসৱমুখৰ পৰিৱেশ দুগুণ মধুৰ কৰি প্ৰতিজন অতিথিৰ বাবে সৃষ্টি কৰিব এক অতুলনীয় অভিজ্ঞতাৰ। নভোটেল গুৱাহাটীৰ শাৰদীয় বতৰৰ এই মহাভোজৰ জৰিয়তে প্ৰতিগৰাকী অতিথিয়ে উদযাপন কৰিব পাৰিব এই উৎসৱ। পৰিয়াল, বন্ধু-বান্ধৱী বা সহকৰ্মীৰ সৈতে সুখৰ মুহূৰ্ত পাৰ কৰিবলৈ শাৰদীয় বতৰত নভোটেল গুৱাহাটী হৈছে এক আদৰ্শ স্থান।

নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে বাংলা থিম বুফে ডিনাৰক লৈ উচ্ছ্বাস প্ৰকাশ কৰি কয়, ”দুৰ্গা পূজাৰ উৎসৱৰ বতৰত এক পবিত্ৰ আৰু যোগাত্মক শক্তিৰে সমগ্ৰ চহৰখন মগন হৈ থকাৰ হৈ সময়তে নভোটেল গুৱাহাটীয়ে আপোনালোকক উৎসৱমুখৰ উল্লাসত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। উৎসৱৰ উন্মাদনা, একতা, মংগল, প্ৰেম আৰু পৰম্পৰাৰ এই আবেগৰ আধাৰত আমি বিশেষভাৱে আমাৰ ৰন্ধনযাত্ৰা প্ৰস্তুত কৰিছো। আমাৰ এই বিশেষ প্ৰস্তুতিত সন্নিৱিষ্ট হৈছে বংগৰ প্ৰামাণিক ৰুচি আৰু সুগন্ধিৰ। আহক, দানৱৰ ওপৰত ঈশ্বৰৰ বিজয়ৰ এই মহা উদযাপনত আপোনজনৰ সৈতে এক অবিস্মৰণীয় স্মৃতি গঢ়ি তুলি আপুনিও আমাৰ সৈতে যোগদান কৰক।”

পৰম্পৰা আৰু অনন্য সোৱাদৰ সংগমস্থল জি এছ ৰোডৰ নভোটেল গুৱাহাটীলৈ আহি এইবাৰ উদযাপন কৰক শাৰদীয় দুৰ্গা পূজা। এই বিশেষ পৰ্বত উপস্থিত থাকি খাদ্যৰসিক অতিথিসকলৰ সৈতে আপুনিও সুস্বাদু খাদ্যৰ জগতখনত প্ৰৱেশ কৰক আৰু আপোনজনৰ সৈতে গঢ় তোলক মধুৰ স্মৃতি। নভোটেল গুৱাহাটীৰ এই বাংলা থিম বুফে ডিনাৰত আসন সংৰক্ষণৰ বাবে আগতীয়া বুকিং কৰাটো বাঞ্ছনীয়। অধিক তথ্য অথবা আসন সংৰক্ষণৰ বাবে +৯১ ৭৫৭৭৮ ৮৪০২২ নম্বৰত যোগাযোগ কৰিব পাৰে।