নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগন্তুক পূজাৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে তিনিযোৰ পূজা বিশেষ ৰে’ল (Puja Special Train) চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পূজা বিশেষ ৰে’লসমূহ কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, ৰঙাপাৰা নৰ্থ-প্ৰয়াগৰাজ জংচন-ৰঙাপাৰা নৰ্থ আৰু নাৰেঙ্গী-গোৰখপুৰ-নাৰেঙ্গীৰ মাজত চলাচল কৰিব।

উৎসৱ বিশেষ ৰে’ল নং ০৫৭৩৬ (কাটিহাৰ-অমৃতসৰ) ৰে’লখন এঘাৰটা ট্ৰিপৰ বাবে কাটিহাৰৰ পৰা ১৮ ছেপ্টেম্বৰৰ পৰা ২৭ নৱেম্বৰ, ২০২৪ লৈ সকলো বুধবাৰে ২১:০০ বজাত যাত্ৰা আৰম্ভ কৰি শুকুৰবাৰে ৯:৪৫ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, উৎসৱ বিশেষ ৰে’ল নং ০৫৭৩৫ (অমৃতসৰ-কাটিহাৰ) ৰে’লখন এঘাৰটা ট্ৰিপৰ বাবে অমৃতসৰৰ পৰা ২০ ছেপ্টেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৪ তাৰিখলৈ সকলো শুকুৰবাৰে ১৩:২৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২৩:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰাৰ সময়ত ৰে’লখন আৰাৰিয়া কোৰ্ট, ফৰবেছগঞ্জ, দাৰভাঙ্গা জংচন, গোৰখপুৰ জংচন, গোণ্ডা জংচন, বৰেলী, ৰুৰকী আৰু জলন্ধৰ চিটি ষ্টেচন হৈ চলাচল কৰিব।উৎসৱ বিশেষ ৰে’ল নং ০৫৮৩১ (ৰঙাপাৰা নৰ্থ-প্ৰয়াগৰাজ জংচন) ৰে’লখন দহটা ট্ৰিপৰ বাবে ৰঙাপাৰা নৰ্থৰ পৰা ২৯ ছেপ্টেম্বৰৰ পৰা ১ ডিচেম্বৰ, ২০২৪ লৈ সকলো দেওবাৰে ৯:০০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা ১২:৪০ বজাত প্ৰয়াগৰাজ জংচনত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, উৎসৱ বিশেষ ৰে’ল নং ০৫৮৩২ (প্ৰয়াগৰাজ জংচন-ৰঙাপাৰা নৰ্থ) ৰে’লখন দহটা ট্ৰিপৰ বাবে প্ৰয়াগৰাজ জংচনৰ পৰা ৩০ ছেপ্টেম্বৰৰ পৰা ২ ডিচেম্বৰ, ২০২৪ তাৰিখলৈ ১৭:৪০ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ২২:৫০ বজাত ৰঙাপাৰা নৰ্থত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰাৰ সময়ত ৰে’লখন ৰঙিয়া জংচন, নিউ বঙাইগাঁও, ফকিৰাগ্ৰাম, নিউ জলপাইগুড়ী, আলুৱাবাৰী ৰোড, নৱগছিয়া, খগৰীয়া জংচন, হাজীপুৰ জংচন, পাটলিপুত্ৰ আৰু বক্সাৰ ষ্টেচন হৈ চলাচল কৰিব। আন এখন উৎসৱ বিশেষ ৰে’ল নং ০৫৬৩৩ (নাৰেঙ্গী-গোৰখপুৰ) ৰে’লখন চাৰিটা ট্ৰিপৰ বাবে ৩ ৰ পৰা ২৪ অক্টোবৰ, ২০২৪ লৈকে সকলো বৃহস্পতিবাৰে ১৩:২০ বজাত নাৰেঙ্গীৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৩:০০ বজাত গোৰখপুৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, উৎসৱ বিশেষ ৰে’ল নং ০৫৬৩৪ (গোৰখপুৰ-নাৰেঙ্গী) ৰে’লখন চাৰিটা ট্ৰিপৰ বাবে সকলো শুকুৰবাৰে ৪ ৰ পৰা ২৫ অক্টোবৰ, ২০২৪ লৈকে গোৰখপুৰৰ পৰা ২০:৫৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২৩:১০ বজাত নাৰেঙ্গীত গৈ উপস্থিত হ’ব।

ৰে’লখন ৰঙিয়া জংচন, কোকৰাঝাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, কাটিহাৰ, খগৰীয়া জংচন, বাৰাউনী জংচন, সোনপুৰ, ছাপ্ৰা আৰু চিৱান জংচন ষ্টেচন হৈ চলাচল কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।