গুৱাহাটী, ২৮ ছেপ্টেম্বৰ, ২০২৬ : বিজ্ঞান আৰু প্ৰযুক্তিৰ (Science and Technology) নৱতম উদ্ভাৱনক সমাজৰ সৰ্বাংগীণ কল্যাণৰ দিশত প্ৰয়োগ কৰাৰ বাৰ্তাৰে গুৱাহাটীৰ বি বৰুৱা কলেজৰ (স্বায়ত্তশাসিত) ৰসায়ন বিজ্ঞান বিভাগে আয়োজন কৰিছে এক বিশেষ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ। বিজ্ঞানী, গৱেষক, শিক্ষাবিদ আৰু উদ্যোগ জগতৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি বহনক্ষম বিজ্ঞানৰ নিত্য-নতুন দিশ তথা বৈজ্ঞানিক গৱেষণাক বাস্তৱ ক্ষেত্ৰত সফলভাৱে ৰূপায়ণ কৰাৰ প্ৰত্যাহ্বানসমূহ সম্পৰ্কে এই সন্মিলনত গভীৰ আলোচনা অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, অহা ২ আৰু ৩ নৱেম্বৰ, ২০২৬ ত অনুষ্ঠিত হ’ব ‘আধুনিক বহনক্ষম বিজ্ঞানৰ অগ্ৰগতি আৰু প্ৰত্যাহ্বান’ (পিচিএমডিএছএছ-২০২৬) শীৰ্ষক এই দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনি। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ তথা অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (এএছটিইচি) যৌথ সহযোগিতাত বি বৰুৱা কলেজৰ (স্বায়ত্তশাসিত) ৰসায়ন বিজ্ঞান বিভাগে এই সমাৰোহৰ উদ্যোগ গ্ৰহণ কৰিছে।
বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উত্তৰণে পৰিৱেশ সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ তথা দীৰ্ঘম্যাদী স্থায়িত্বৰ সৈতে গভীৰ সংযোগ গঢ়ি তোলাৰ পটভূমিত এই সন্মিলনে বিশেষ তাৎপৰ্য বহন কৰিছে। বিজ্ঞানী, নীতি নিৰ্ধাৰক, উদ্যোগ প্ৰতিনিধি আৰু শিক্ষাৰ্থীসকলৰ বাবে এনে পাৰস্পৰিক সম্পৰ্কসমূহ গভীৰভাৱে চালি-জাৰি চোৱাৰ লগতে বৈজ্ঞানিক গৱেষণাই বহনক্ষম উন্নয়নত কেনেদৰে অৰিহণা যোগাব পাৰে, তাৰ নতুন পথ অন্বেষণৰ বাবে পি চি এম ডি এছ এছ-২০২৬ সন্মিলনে এখন উমৈহতীয়া মঞ্চ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
এই লক্ষ্যক আগুৱাই নি সন্মিলনে আণৱিক পৰ্যায়ৰ বৈজ্ঞানিক গৱেষণাক বৃহত্তৰ পৰিসৰত বহনক্ষম প্ৰযুক্তি, কাৰ্যপদ্ধতি আৰু স্থায়ী সমাধানলৈ ৰূপান্তৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব। ৰসায়ন বিজ্ঞানৰ বিভিন্ন শাখাত হোৱা ন-ন অগ্ৰগতিয়ে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত কেনে বৰঙণি আগবঢ়াব পাৰে, সেই বিষয়ে ইয়াত সবিস্তাৰে আলোচনা হ’ব। একেদৰে বিজ্ঞানৰ বাটত থকা কাৰিকৰী প্ৰতিবন্ধকতা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহনক্ষম গৱেষণাৰ শেহতীয়া ধাৰাসমূহ চিনাক্ত কৰাৰ ওপৰতো আলোকপাত কৰা হ’ব।
এই সমগ্ৰ প্ৰয়াস সন্দৰ্ভত বি বৰুৱা কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ বিজয় এছ গোস্বামীয়ে কয়, “বহনক্ষমতা এতিয়া কেৱল এটা নিৰ্দিষ্ট বিভাগ বা শিক্ষানুষ্ঠানৰ মাজতে আৱদ্ধ বিষয় নহয়। ইয়াৰ বাবে বিজ্ঞানী, গৱেষক, নীতি নিৰ্ধাৰক, উদ্যোগ খণ্ড আৰু যুৱ গৱেষকসকলৰ মাজত অৰ্থপূৰ্ণ সহযোগিতাৰ প্ৰয়োজন। পি চি এম ডি এছ এছ-২০২৬ সন্মিলনৰ জৰিয়তে বি বৰুৱা কলেজে এনে এক বৌদ্ধিক মঞ্চ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে, য’ত বৈজ্ঞানিক জ্ঞান আৰু অভিনৱ চিন্তাই আমাৰ সন্মুখত দেখা দিয়া জটিল পৰিৱেশ তথা উন্নয়নমূলক প্ৰত্যাহ্বানসমূহৰ স্থায়ী সমাধান সূত্ৰ বিচৰাত বলিষ্ঠ ভূমিকা ল’ব পাৰে।”
সন্মিলনৰ আহ্বায়ক ডাঃ প্ৰদ্যুম্ন মজুমদাৰে কয়, “পি চি এম ডি এছ এছ-২০২৬ ৰ মূল উদ্দেশ্য হৈছে বিজ্ঞান, বিশেষকৈ ৰসায়ন বিজ্ঞান আৰু ইয়াৰ সহযোগী শাখাসমূহৰ অগ্ৰগতি কেনেদৰে পৰীক্ষাগাৰৰ পৰিসীমা ফালি ওলাই আহি বহনক্ষম প্ৰযুক্তি, পদ্ধতি আৰু ব্যৱহাৰিক প্ৰয়োগৰ অংশ হ’ব পাৰে, তাৰ বিশ্লেষণ কৰা। দেশ-বিদেশৰ গৱেষক আৰু বিশেষজ্ঞসকলৰ উপস্থিতিয়ে এই সন্মিলনত এক গভীৰ জ্ঞানৰ আদান-প্ৰদান সম্ভৱ কৰি তুলিব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থী তথা যুৱ গৱেষকসকলেও বহনক্ষম বিজ্ঞানৰ শেহতীয়া বিকাশৰ সৈতে পোনপটীয়াকৈ চিনাকি হোৱাৰ সুবৰ্ণ সুযোগ লাভ কৰিব।”
ইতিমধ্যে কেইবাগৰাকীও বিশিষ্ট বিজ্ঞানী তথা উদ্যোগ বিশেষজ্ঞই সন্মিলনত অংশগ্ৰহণৰ কথা নিশ্চিত কৰিছে। আয়োজক সমিতিয়ে আন বহু বিশিষ্ট ব্যক্তিৰ সৈতেও নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। অংশগ্ৰহণ নিশ্চিত কৰা দেশ-বিদেশৰ বিজ্ঞানীসকলৰ ভিতৰত যুক্তৰাজ্যৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ইউছুফ হামিদ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক বিল জ’নছে সন্মিলনৰ আন্তঃৰাষ্ট্ৰীয় মূল ভাষণ প্ৰদান কৰিব। আন বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় বক্তাসকলৰ ভিতৰত আছে পোলেণ্ডৰ ৱাৰ্শ্ব’ বিশ্ববিদ্যালয়ৰ অধ্যাপক মিহাইলছ আৰহাংগেলস্কিছ আৰু শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নদীশ এম আদাছসুৰিয়া।
আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট বক্তাসকলৰ মাজত উপস্থিত থাকিব আই আই টি ইন্দোৰৰ অধ্যাপক ত্ৰিদিৱ কুমাৰ শৰ্মা, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক শশাংক ডেকা, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক উপাসনা বৰা সিনহা, আই আই টি পাটনাৰ ড০ দেৱজিৎ শৰ্মা, ভুৱনেশ্বৰস্থিত চি এছ আই আৰ-আই এম এম টিৰ খনিজ প্ৰক্ৰিয়াকৰণ বিভাগৰ ড০ বিনোদ বিহাৰী পালেই, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ভৌতিক বিজ্ঞান বিভাগৰ ড০ দীনবন্ধু দাস আৰু আই আই টি ৰুৰকীৰ জলবিজ্ঞান বিভাগৰ ড০ ভাস্কৰ জ্যোতি ডেকা। তদুপৰি, উদ্যোগ জগতৰ প্ৰতিনিধি হিচাপে অংশ ল’ব জাৰ্মানীৰ কাৰ্ল জেইছ মেডিটেক এ জিৰ ড০ মনোজ মন কলিতা আৰু জাৰ্মানীত কৰ্মৰত ইউৰোপীয় সংঘৰ বহনক্ষম প্ৰযুক্তি পৰামৰ্শদাতা ড০ বিভা তালুকদাৰে।
পি চি এম ডি এছ এছ-২০২৬ সন্মিলনৰ বৈজ্ঞানিক সমাৱেশসমূহত শক্তি, স্বাস্থ্য, জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন, ভৌতিক ৰসায়ন, সেউজ ৰসায়ন, পৰিৱেশ আৰু বহনক্ষমতা, জৈৱ পদাৰ্থ, কৃষি আৰু খাদ্য প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, বৰ্জ্য ব্যৱস্থাপনা তথা বহুমুখী বিজ্ঞানৰ দৰে বিস্তৃত ক্ষেত্ৰ সামৰি লোৱা হ’ব। এই কাৰ্যসূচীত বিশেষ মূল ভাষণ, আমন্ত্ৰিত বক্তৃতা, চমু আমন্ত্ৰিত বক্তৃতা, শিক্ষাৰ্থীসকলৰ মৌখিক উপস্থাপন আৰু পোষ্টাৰ প্ৰদৰ্শন অন্তৰ্ভুক্ত থাকিব। লক্ষ্যণীয়ভাৱে, বি বৰুৱা কলেজৰ স্নাতকোত্তৰ ৰসায়ন বিজ্ঞান বিভাগৰ গৌৰৱোজ্জ্বল ৬২তম বৰ্ষপূৰ্তিৰ ঐতিহাসিক ক্ষণতে আয়োজন কৰা হৈছে এই সন্মিলন। ১৯৬৪ চনত স্থাপিত এই বিভাগটোত বৰ্তমান স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম উপলব্ধ। বিভাগে ডি এছ টি-চাৰ্ব, ইউ জি চি, এৰিয়াছ আৰু আৰ আই ডি এফৰ দৰে প্ৰতিষ্ঠিত সংস্থাৰ সহযোগত বহু গুৰুত্বপূৰ্ণ গৱেষণা প্ৰকল্প সফলভাৱে ৰূপায়ণ কৰি আহিছে।
অংশগ্ৰহণৰ বাবে আগ্ৰহী গৱেষক আৰু স্কলাৰসকলে সন্মিলনৰ চৰকাৰী ৱেবছাইট pcmdss.bborooahcollege.ac.in যোগে নাম পঞ্জীয়ন তথা সাৰাংশ জমা দিব পাৰিব। অধিক তথ্যৰ বাবে অংশগ্ৰহণকাৰীসকলে পি চি এম ডি এছ এছ-২০২৬ৰ আহ্বায়ক ডাঃ প্ৰদ্যুম্ন মজুমদাৰৰ সৈতে [email protected] ই-মেইল ঠিকনাত যোগাযোগ কৰিব পাৰিব।
