অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৫ আগষ্টঃ সাধী উৎপীড়ন ঘটনাৰ সন্দৰ্ভত চিবিআই আদালতে ডেৰা প্ৰমুখ বাবা ৰাম ৰহিমক দোষী সাব্যস্ত কৰি আৰক্ষী জিন্মাত প্ৰেৰণ কৰে৷ অহা সোমবাৰে বাবা ৰাম ৰহিমৰ শাস্তিৰ নিৰ্দ্ধাৰণ কৰি ৰায়দান কৰিব৷ চিবিআই আদালতে  বাবা ৰাম ৰহিমক দোষী ৰায়দান কৰাৰ পিছতে হাৰিয়ানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ইয়াৰ হিংসাৰ প্ৰভাৱ দিল্লী আৰু হাৰিয়ানা পৰ্যন্ত বিয়পি পৰে৷ লোক বিক্ষোভ তথা হিংসাৰ ফলত ইতিমধ্যে ১২ জনকৈ লোকৰ মৃত্যু হৈছে৷ বৰ্তমান বাবা ৰাম ৰহিমক সেনাৰ জিন্মাত ৰখা হৈছে আৰু ৰাম ৰহিমৰ মেডিকেল টেষ্ট সম্পূৰ্ণ কৰা হ’ব৷ সোমবাৰে আদালতলৈ অনাৰ পৰিবৰ্তে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তেও তেওঁৰ শাস্তিৰ শুনানি দিয়া যাব পাৰে৷