নিউজ ডেস্ক, ৫ মাৰ্চ, ২০২৪ : বিশ্বজুৰি সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰাম (Facebook and Instagram) ব্যৱহাৰকাৰী মাজত হাহাকাৰ। হঠাৎ বিশ্বজুৰি নিষ্ক্ৰিয় হৈ পৰিল সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰাম। নিশা প্ৰায় ৯ বজাৰ পৰা নিষ্ক্ৰিয় হৈ পৰে সামাজিক মাধ্যম দুটা। হঠাৎ ফেচবুক ব্যৱহাৰকাৰীৰ একাউণ্ট লগ আউত হৈ পৰে। ব্যৱহাৰকাৰীয়ে বাৰে বাৰে লগ ইন কৰিও বিফল হয় একাউণ্ট পুনৰ খুলিবলৈ।

মঙলবাৰে নিশা হঠাৎ নিষ্ক্ৰিয় হৈ পৰে কোটি কোটি ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ একাউণ্ট। কেৱল ভাৰততে নহয় বিশ্বজুৰি ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী সকলৰ একাউণ্ট হঠাৎ লগ আউত হৈ পৰাত হাহাকাৰ লাগে সামাজিক মাধ্যম দুটা ব্যৱহাৰকাৰী কোটি কোটি লোকৰ মাজত। মেটাৰ অধিনস্থ সামাজিক মাধ্যম দুটা হঠাৎ লগ আউত হৈ পুনৰ পাছবৰ্ড দি লগ ইন কৰিবলৈ স্ক্ৰীনত ব্যৱহাৰকাৰীক দেখুৱায় যদিও ব্যৱহাৰকাৰীয়ে বাৰে বাৰে লগ ইন কৰাৰ চেষ্টা কৰিও বিফল হয়।

ফেচকুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট নিষ্ক্ৰিয় হৈ পৰাৰ কিছুসময় পিছতে মেটাৰ স্বত্বাধিকাৰীৰ ফালৰ পৰা এক সামাজিক মাধ্যম এক্স’ত জানিবলৈ দিয়া হয় যে কিছুসময়ত পিছত পুনৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম সক্ৰিয় হৈ পৰিব। অৱশ্যে প্ৰায় আধা ঘন্টা পিছত পুনৰ সক্ৰিয় হ’বলৈ ধৰে সামাজিক মাধ্যম দুটা ব্যৱহাৰ কৰা লোক সকলৰ একাউণ্ট।

কিছু ফেচবুক একাউণ্ট আৰু পেজ এতিয়াও নিষ্ক্ৰিয় হৈ আছে বুলি জানিব পৰা গৈছে। মেটাৰ কিছু কাৰিকৰী বিজুতিৰ ফলতে এই সমস্যাৰ সৃষ্টি হয়। হঠাৎ স্বয়ংক্ৰিকভাৱে ফেচকুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট লগ আউট হৈ পৰাত হাহাকাৰ লাগে ব্যৱহাৰকাৰী সকলৰ মাজত।