বঙাইগাঁও, ৫ মাৰ্চ, ২০২৪ : ৰাজপথত সুৰাসক্ত যুৱক-যুৱতীৰ বাহনৰ তাণ্ডৱ। সংঘটিত কৰিলে এক ভয়ংকৰ পথ দুর্ঘটনা। সুৰাসক্ত যুৱক-যুৱতীৰ বাহনখনে মহতিয়াই নিলে টেম্পো। এই ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক নিহত (One Killed) হোৱাৰ লগতে আহত হৈ মহিলাসহ দহজন। আহত সকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ। দুর্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি কৰিছে আৰক্ষীয়ে।

মঙলবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে মহিলাসহ দহজনকৈ লোক আহত হৈছে। সুৰাসক্ত যুৱক-যুৱতীৰ এটা দলৰ ফৰ্চুনাৰ বাহনে এখন টেম্পো মহতিয়াই নিয়াত এজন লোক নিহত হোৱাৰ লগতে টেম্পোখনৰ চালক আৰু কেইবাগৰকী মহিলাসহ দহজনকৈ গুৰুত্বৰভাৱে আহত হয়। নিহত লোকৰজনৰ নাম বিষু চৌধুৰী বুলি জানিব পৰা গৈছে।

বঙাইগাঁৱৰ দেউৰীপাৰাত নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। সুৰাসক্ত যুৱক-যুৱতীৰ দলটোৱে অহা তীব্ৰবেগী ফৰ্চুনাৰ বাহনখনে টেম্পোত খুন্দা মৰাত টেম্পোখনত থকা বিষু চৌধুৰী নামৰ যাত্ৰীজনৰ মৃত্যু হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনাতখ নীন্দ্ৰ ৰায় নামৰ টেম্পোখনৰ চালক আৰু টেম্পোখনৰ কেইবাগৰকী মহিলা যাত্ৰী গুৰুত্বৰভাৱে আহত হয়। আহত সকল ক্ৰমে ৰীণা মেধি, চয়নিকা সৰকাৰ, দীপাঞ্জলি দত্ত, গীতাঞ্জলি সূত্ৰধৰ, লুকুমণি সৰকাৰ,ণঅনামিকা বড়ো, শান্তি ৰায়, প্ৰভাতি কলিতা আৰু অনিমা ৰায়।

আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত সকলৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চাৰিওজনকে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে, ছয়জনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, আহত মহিলা সকল কেটাৰিং দলৰ সদস্যা। নিশা কাৰ্য সম্পন্ন কৰি কেটাৰিং দলৰ মহিলা সকল ঘৰলৈ গৈ থকা সময়ত দুর্ঘটনাত পতিত হয় আহত হয়।

ইফালে, দুর্ঘটনা সংঘটিত কৰি সুৰাসক্ত যুৱক-যুৱতীৰ দলটোৱে বাহনখনলৈ দুর্ঘটনাস্থলীৰ পৰা পলায়ান কৰে যদিও আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে। ঘটনা সন্দৰ্ভত বঙাইগাঁও সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সুৰাসক্ত যুৱক-যুৱতীৰ দলৰ বাহনে যাত্ৰীবাহী টেম্পো মহতিয়াই নিয়া ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।