ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰী : ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে

In ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ আগষ্ট : প্ৰবল আত্মপ্ৰত্যয়েৰে ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে এদল বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে । সকলো বাধাগ্ৰস্ততাক নেওচি ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰীৰ আত্মবিশ্বাসভৰা খোজত মূক হৈ পৰিল দৰ্শক । কেৱল ৰেম্পতেই নহয়, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা নাটকৰ দৃশ্যই আৱেগিক কৰি তুলিলে উপস্থিত লোকসকলক।

বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত থকা শিল্পগ্ৰামত পষেকজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সম্ভাৱনা শীৰ্ষক কৰ্মশালাৰ অন্তিম দিনা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে অংশ লয় এটা বিশেষ ফেশ্বন শ্ব’ত । গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত থকা চৰকাৰী ভাউৰী দেৱী মূক বধিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই ৰেম্প ৱাকত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত নগাঁৱৰ বঢ়মপুৰত থকা দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নাটকে সকলোকে আকৰ্ষিত কৰে । গুৱাহাটীৰ বশিষ্ঠত থকা দৃষ্টিহীন হাইস্কুলৰ ছাত্ৰ -ছাত্ৰীয়েও অনুষ্ঠান প্ৰদৰ্শন কৰে । ইয়াৰ পূৰ্বে অ’ এন জি চিৰ উদ্যোগত ৫০জন দৃষ্টিহীন ব্যক্তিক নেভিগেছন ষ্টিক প্ৰদান কৰা হয় ।

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা দৃষ্টি প্ৰতিবন্ধী লোকসকলৰ মাজত এই ষ্টিকসমূহ বিতৰণ কৰে । অনুষ্ঠানত প্ৰাক্তন সাংসদ ৰমেন ডেকা, চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ শৰ্মা আৰু মডেলিং জগতৰ তাৰকা অমৃতা দত্তও উপস্থিত আছিল । সাংসদগৰাকীয়ে অনুষ্ঠানৰ অংশৰূপে সম্ভাৱনা শীৰ্ষক স্মৰণিকা এখনো মুকলি কৰে । আনহাতে ৰেম্প শ্ব’টোৰ কৰিঅ’গ্ৰাফী কৰে মিনু পলে । ডিজাইনাৰ আছিল মধুমিতা শৰ্মা আৰু ভাৰ্গৱ ডেকা ।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিশেষভাৱে সক্ষম শিশুসকলৰ শাৰীৰিক-মানসিক উত্তৰণৰ লগতে তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰিব পৰাকৈ এখন মঞ্চ দিয়াৰ উদ্দেশ্যে সংস্থাটোৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । ইয়াৰ পূৰ্বেও সংস্থাটোৱে দিব্যাংগজ্যোতি মহোৎসৱ তথা ৰাজ্যৰ ভিতৰতে প্ৰথম বাৰলৈ দৃষ্টিহীন খেলুৱৈৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল ।

Comments

comments

You may also read!

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি পলাশবাৰী আৰক্ষী থানাত : স্বামীৰ গৃহ লণ্ড ভণ্ড কৰি জ্বলাই দিলে উত্তেজিত ৰাইজে

পলাশবাৰী, সংবাদ ৩৬৫, ২১ আগষ্ট : ৰাজ্যত ক্ৰমে বৃদ্ধি পাইছে বোৱাৰী নিৰ্যাতনৰ দৰে অমানৱীয় ঘটনা । এইবাৰ দক্ষিণ কামৰূপৰ

Read More...

কলগাছিয়াৰ খাৰবাল্লীত চপৰা চপৰে খহিছে বিঘাই বিঘাই মৰাপাটৰ খেতি : এদিনতে উচন হল সুতিৰপাথাৰৰ চাৰিটাকৈ পৰিয়ালৰ ঘৰৰ ভেটি

কলগাছিয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ খাৰবাল্লী আৰু সুতিৰপাথাৰ গাৱত বানপানীৰ পিছৰে পৰাই বেকী

Read More...

চৰকাৰী বিদ্যালয়সমূহত এইবাৰ গুণোৎসৱ নহয় , হ’ব সগুণোৎসৱ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ আগষ্ট : ছেপ্টেম্বৰ মাহৰ পৰা চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত হ'ব সগুণোৎসৱ । এইবাৰ গুণোৎসৱৰ পৰিৱৰ্তে

Read More...

Mobile Sliding Menu