গুৱাহাটী, সংবাদ ৩৬৫, ১৫আগষ্ট : প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকসকলে ত্ৰিৰংগ জাতীয় পতাকা উত্তোলনেৰে দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া হেজাৰ-বিজাৰ দেশপ্ৰেমিক শ্বহীদক কৃতজ্ঞতাৰে সুঁৱৰি ৭৩তম স্বাধীনতা দিৱস উদ্‌যাপন কৰে।

পতাকা উত্তোলন কৰে জেষ্ঠ্য সাংবাদিক ৰূপম বৰুৱাই ।

পতাকা উত্তোলন কৰি ৰূপম বৰুৱাই তেখেতৰ ভাষণত কয় যে- উগ্ৰবাদীৰ ভাবুকি নেওচি ১৯৯৮ চনৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক তথা দেশপ্ৰেমিক নাগৰিকে জাতীয় পতাকা উত্তোলনৰে এক অসাধাৰণ দৃষ্টান্ত দাঙি ধৰিছে।

অনুষ্ঠানৰ সামৰণিত উপস্থিত সাংবাদিক আৰু দেশপ্ৰেমিক নাগৰিকে মহানগৰীৰ ৰাজপথত এক সমদল উলিয়ায়।

উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইউ টিৰট সিং , বীৰ টিকেন্দ্ৰজিৎ , ৰাণী গাইদালু , পিয়লি ফুকন , মণিৰাম দেৱান , কনকলতা বৰুৱা , মুকুন্দ কাকতী , কুশল কোৱৰ , ভোগেশ্বৰী ফুকননী , তিলক ডেকা , কমলা মিৰি , নিধানু ৰাজবংশী , লেৰেলা বড়োকে ধৰি অসংখ্য দেশপ্ৰেমিকে বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজি স্বাধীনতা সংগ্ৰামত প্ৰাণ বিসৰ্জন দিছিল ৷

আনহাতে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ , দেশভক্ত তৰুণ ৰাম ফুকন , ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা , লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদিৰ দৰে মহান নেতৃবৰ্গয়ো দেশৰ স্বাধীনতা সংগ্ৰামত অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল ৷