গুৱাহাটী : গীতানগৰৰ উড ৱৰ্কছ নামৰ ফাৰ্নিচাৰৰ দোকানখন ভস্মীভূত। বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ফাৰ্নিচাৰৰ দোকানখন। ১ কোটিতকৈও অধিক মূল্যৰ সম্পত্তি জাহ যায় জুইত। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

শুকুৰবাৰে সন্ধিয়াৰ ভাগত মহানগৰীৰ গীতানগৰত সংঘটিত হৈ এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। গীতানগৰ খেল পথাৰৰ বিপৰীত দিশত থকা উড ৱৰ্কছ নামৰ এখন ফাৰ্নিচাৰৰ দোকানত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত উড ৱৰ্কছ নামৰ ফাৰ্নিচাৰৰ দোকানখন দাওদাওকৈ জ্বলি উঠাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

উড ৱৰ্কছ নামৰ ফাৰ্নিচাৰৰ দোকানখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে অগ্নিকাণ্ডৰ ফলত ১ কোটিতকৈও অধিক মূল্যৰ সম্পত্তি জুইত জাহ গৈছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।