গুৱাহাটী : শনিবাৰে পুৱা ৬ বজাৰ পৰা ৰাজ্যত কাৰ্যকৰি হ’ব ক’ভিড সম্পৰ্কীয় নতুন এছ অ’ পি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ঘোষণা কৰে ৰাজ্যৰ ক’ভিড সম্পৰ্কীয় নতুন এছ অ’ পি। নতুন এছ অ’ পি মতে কামৰূপ মহানগৰ জিলাত অষ্টম শ্ৰেণীলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। আন জিলা সমূহত পঞ্চম শ্ৰেণীলৈকে শিক্ষানুষ্ঠান বন্ধ থাকিব।

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিগত কিছুদিন ধৰি ভয়াবহ ৰূপ ধৰণৰ কৰিলে ক’ভিড মহামাৰীয়ে প্ৰতিদিনে নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত। ক’ভিডৰ সমান্তৰালভাৱে ক্ষিপ্ৰতাৰে সংক্ৰমিত হৈছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰন। বৰ্তমানলৈকে ৰাজ্যত ৯ জনকৈ লোক আক্রান্ত হৈছে অ’মিক্ৰনত।

ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে শুকুৰবাৰে ঘোষণা কৰিছে ক’ভিড সম্পৰ্কীয় নতুন এছ অ’ পি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা এই নতুন এছ অ’ পি অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন বলবৎ থাকিব। নিশা ৯ ৩০ বজাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব।

ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহ ৫০ শতাংশ গ্ৰাহক থাকিব পাৰিব। ৫০ শতাংশ লোকৰ উপস্থিতিত সভা, সমিতি আদি অনুষ্ঠিত কৰাৰ লগতে প্ৰেক্ষাগৃহৰ ভিতৰত অনুষ্ঠিত অনুষ্ঠানত সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব। আনহাতে সকলো বন্ধ আৰু মুকলি স্থানত অনুষ্ঠিত অনুষ্ঠানৰ ক্ষেত্ৰত কিমান সংখ্যক লোক উপস্থিত থাকিব পাৰিব এই সম্পৰ্কে জিলা দুৰ্যোগ প্ৰশমন বিভাগে সিদ্ধান্ত ল’ব পাৰিব।

বিবাহ তথা ধৰ্মীয় অনুষ্ঠানতো সৰ্বাধিক ২০০ লোক উপস্থিত থাকিব পাৰিব। আনহাতে দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা ৬০ গৰাকী লোক মুখ্য ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব পাৰিব। শেষকৃত্য সম্পন্ন অনুষ্ঠানত উপস্থিত থাকিব পাৰিব ১০০ জন লোক। সপ্তাহিক বজাৰ সমূহ মাত্ৰ ৬ ঘণ্টা সময় খোলা ৰাখিব পাৰিব।

ইফালে পূৰ্বৰ দৰেই চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ চলিব। অৱশ্যে সকলো চৰকাৰী কৰ্মচাৰীয়ে ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব। দুয়ো পালি প্ৰতিষেধক গ্ৰহণ নকৰা কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব। কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীয়ে ছুটি ল’ব লাগিব। ছুটি নললে দৰমহা কৰ্তন কৰা হ’ব।

সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা মানি যান-বাহন চলাচল কৰিব লাগিব। অতি কমেও এটা পালি প্ৰতিষেধক গ্ৰহণ কৰা যাত্ৰীৰে যাত্ৰীবাহী বাহন সমূহে ১০০ শতাংশ যাত্রীলৈ যাত্ৰা কৰিব পাৰিব যদিও কোনো বাহনে থিয় কৰি যাত্ৰী নিব নোৱাৰিব। থিয় কৈ যাত্ৰী নিয়া বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহনখনৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

নতুন এছ অ’ পি অনুসৰি কামৰূপ মহানগৰ জিলাত অষ্টম শ্ৰেণীলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। আন জিলা সমূহত পঞ্চম শ্ৰেণীলৈকে শিক্ষানুষ্ঠান বন্ধ থাকিব। সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অনলাইন পাঠদান সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে নতুন এছ অ’ পিত। ৰাজহুৱা স্থানত সকলো লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোক ৰাজহুৱা স্থানত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু অংশগ্ৰহণ কৰিলে কৰিলে ১০০০ হাজাৰ টকা জৰিমনা বিহা হ’ব। ৰাজহুৱা স্থানত অংশগ্ৰহণ কৰা লোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণ লগত ৰাখিব লাগিব। কোনো অঞ্চলত ৭ দিনত ১০ জন লোক ক’ভিডত আক্রান্ত হ’লে অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব।