ডিব্ৰুগড় : ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড। ডিব্ৰুগড় নগৰৰ মাজ মজিয়াত থকা নিউ মাৰ্কেটত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত নিউ মাৰ্কেটত থকা ৪০ খনকৈ দোকান ভস্মীভূত হয়। কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।

বুধবাৰে পুৱতি নিশা ডিব্ৰুগড় নগৰৰ মাজ মজিয়াত থকা নিউ মাৰ্কেটত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ মুহূৰ্ততে জুইৰ লেলিহান শিখাই সমগ্ৰ নিউ মাৰ্কেটখন আৱৰি ধৰে ফলত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

অগ্নিকাণ্ডত নিউ মাৰ্কেটত থকা ৪০ খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোকে হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ খবৰ পাই তৎপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী কেইবা ঘণ্টা ধৰি প্ৰচেষ্টা চলাই অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজে বিদ্যুৎ বিজুতিৰ ফলত জুইত সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।