বাক্সা : বাক্সা জিলাৰ মুছলপুৰত আলফা (স্বাধীন)ৰ সদস্য গ্ৰেপ্তাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলফা (স্বাধীন)ৰ সদস্যজন মুছলপুৰৰ শিলাকুটি গাঁৱৰ বীৰেন দাসৰ ২৩ বছৰীয়া পুত্ৰ লাচিত শৰণীয়া। যুৱকজন আলফা (স্বাধীন)ত যোগদান কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰা বুলি জানিবলৈ দিয়ে।

বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ যুৱক-যুৱতীয়ে আলফা (স্বাধীন)ত যোগদান কৰাৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাই আছে। ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ লগতে গুৱাহাটী মহানগৰীৰ পৰাও একাংশ যুৱক-যুৱতী আলফা (স্বাধীন)ত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাইছে। ইয়াৰ মাজতে আলফা (স্বাধীন)ৰ এজন সদস্য গ্ৰেপ্তাৰ হৈছে।

আলফা (স্বাধীন)ৰ লগত জড়িত থকাৰ অভিযোগত বুধবাৰে বাক্সা জিলাত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বাক্সা আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত শিলাকুটি গাঁৱৰ বীৰেন দাসৰ ২৩ বছৰীয়া পুত্ৰ লাচিত শৰণীয়া আলফা (স্বাধীন)ত যোগদান কৰাৰ তথ্য লাভ কৰি যুৱকজনক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া যে যুৱকজনৰ আলফা (স্বাধীন)ৰ লগত যোগাযোগৰ বিভিন্ন তথ্য আৰক্ষীয়ে লাভ কৰিছে আৰু এই তথ্যৰ ভিত্তিতে যুৱকজনক বুধবাৰে প্ৰথমে আটক কৰি পিছত গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যুৱকজনক আদালতত হাজিৰ কৰি পুনৰ ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিব বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে জিলাখনৰ গোবৰ্দ্ধনা আৰক্ষী থানাৰ অধীনত উদ্ধৱ দাস নামৰ আন এজন যুৱকো আলফা (স্বাধীন)ত যোগদান কৰাৰ খবৰ পোৱাৰ কথা উল্লেখ্য কৰি যুৱকজনৰ সম্পৰ্কত তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে কৰে আৰক্ষী বিষয়া গৰাকীয়ে। ইফালে লাচিত শৰণীয়াৰ পৰিয়ালৰ লোকে যুৱকজনৰ আলফা (স্বাধীন)ৰ লগত যোগাযোগ থকাৰ কথা অস্বীকাৰ কৰিছে।