দক্ষিণ শালমাৰা : পুখুৰীত বিষ ঢালি মাছ নিধন। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত মৈশালডাঙা গাঁৱত এজন মাছ খেতিয়কৰ পুখুৰীত দুস্কৃতিকাৰীয়ে বিষ ঢালি মাছ নিধন কৰে। বৃহস্পতিবাৰে নিশাৰ ভাগত মাছ খেতিয়কজনৰ পুখুৰীত বিষ ঢালি দিয়াৰ ফলত তিনি লক্ষাধিক টকাৰ মাছৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত ভুক্তভোগী মাছ খেতিয়কজনে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে মইশালডাঙা গাঁৱৰ ময়ুৰ আলী নামৰ এজন মাছ খেতিয়কে নিজৰ ঘৰতে পুখুৰী খান্দি বিগত প্ৰায় ১৫ বছৰ ধৰি মাছৰ খেতি কৰি পৰিয়াল পোহপাল দি আছিল। প্ৰতি বছৰে ১ ৰ পৰা ২ লাখ টকাৰ মাছৰ পোনা ক্ৰয় কৰি ময়ূৰ আলীয়ে নিজৰ পুখুৰীত মাছৰ খেতি কৰে। এইবেলিও ময়ূৰ আলীয়ে প্ৰায় চাৰি মাহ পূৰ্বে এক লক্ষাধিক টকাৰ মাছৰ পোনাৰে পুখুৰীত মাছৰ খেতি আৰম্ভ কৰিছে। ইতিমধ্যে চাৰি মাহত মাছৰ পোনা সমূহ যথেষ্ট ডাঙৰো হৈছে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে ময়ূৰ আলীৰ পুখুৰীত বিষ ঢালি দিয়াত পুখুৰীখনত থকা প্ৰায় তিনি লক্ষাধিক টকাৰ মাছৰ মৃত্যু হোৱাত ময়ূৰ আলীৰ নামৰ মাছ খেতিয়কজন হাহাকাৰ কৰিব লগীয়া হৈছে। ঘটনা সন্দৰ্ভত মাছৰ খেতিয়কজনে মানকাচৰ থানাত স্থানীয় পাঁচ গৰাকী লোকৰ বিৰুদ্ধে পুখুৰীত বিষ ঢালি দিয়াৰ সন্দেহত এজাহাৰ দাখিল কৰিছে। মাছ খেতিয়কজনৰ এজাহৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে দুদিন পূৰ্বে স্থানীয় কেইজনমান লোকে ভূমি কেন্দ্ৰিক সংঘাতৰ বাবে ময়ূৰ আলীক তেওঁৰ পুখুৰীত বিষ ঢালি দিব বুলি ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ পাছতেই বৃহস্পতিবাৰে নিশা এইদৰে ময়ূৰ আলীৰ পুখুৰীত বিষ ঢালি মাছ নিধন কৰা হয়। পুখুৰীত বিষ ঢালি দিয়াৰ ভাবুকি দিয়া লোক কেইজনৰ বিৰুদ্ধে ময়ূৰ আলীয়ে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনাক স্থানীয় সচেতন লোকে ধিক্কাৰ দিছে।