গুৱাহাটী : এমট্ৰ’নৰ ২ কোটি ৫৭ লাখ টকা কোনে লুটিনে ? কেনেকৈ আৰু কাৰ, কাৰ একাউন্টত সোমাল এমট্ৰ’নৰ ২ কোটি ৫৭ লাখ টকা ? সমগ্ৰ ঘটনা ৰহস্যজনক। চি আই ডিৰ তদন্ত অব্যাহত। তদন্তৰ পিছতে স্পষ্ট হ’ব সকলো।

এক চাঞ্চল্যকৰ ঘটনা। এমট্ৰ’নৰ একাউণ্টৰ পৰা নোহোৱা হ’ল ২ কোটি ৫৭ লাখ টকা। কেনেকৈ কোনে লুটিলে এমট্ৰ’নৰ একাউণ্টৰ পৰা এই বৃহৎ ধন। ৰহস্যজনক এই ঘটনাৰ তদন্ত চলাই আছে চি আই ডিয়ে কিন্তু এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই।

যোৱা ৮ নৱেম্বৰত এমট্ৰ’নৰ গাণনিক ৰাহুল হুজুৰীৰ মেইলৰ পৰা বেংক অফ মহাৰাষ্ট্ৰৰ পানবজাৰ শাখাৰ কৰ্তৃপক্ষই লাভ কৰিছিল এক মেইল। ৰাহুল হুজুৰীৰ মেইলত উল্লেখ কৰা হৈছে কেইবাটাও বেংক একাউন্ট। এই একাউণ্ট সমূহত ধন পঠিয়াবলৈ বেংক কর্তৃপক্ষক কোৱা হৈছিল।

অৱশ্যে এমট্ৰ’নৰ গাণনিক ৰাহুল হুজুৰীয়ে কেইবাটাও একাউন্টত ধন পঠিয়াবলৈ কোৱা সম্পৰ্কে জ্ঞাত নাছিল এমট্ৰ’নৰ কর্তৃপক্ষ। ইয়াৰ পিছতে এমট্ৰ’নৰ কর্তৃপক্ষ আৰু বেংক কর্তৃপক্ষৰ ফালৰ পৰা ঘটনা সন্দৰ্ভত পানবজাৰ থানা আৰু চি আই ডিত ৰুজু কৰা হয় দুটাকৈ গোচৰ।

গোচৰ ৰুজু হোৱাৰ পিছতে এমট্ৰ’নৰ গাণনিক ৰাহুল হুজুৰী চি আই ডিয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। ৰাহুল হুজুৰীয়ে তেওঁৰ মেইল হেক হোৱা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে টকা পঠিওৱা আটাইতকৈ একাউণ্ট বন্ধ কৰা হৈছে। ৮ নৱেম্বৰত এই টকাখিনি বন্ধ হোৱা একাউণ্ট কেইটাত পঠিওৱা হৈছিল।