হাজো : পুখুৰীত বিহ ঢালি ২০ লাখ টকাৰ মাছ নিধন কৰিলে দুৰ্বৃত্তই। কামৰূপ জিলাৰ হাজোত সংঘটিত হৈছে পুখুৰীত বিহ ঢালি মাছ নিধনৰ এই নিকৃষ্ট কাণ্ড। বৃহস্পতিবাৰে নিশাৰ ভাগত কোনো দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড।

কামৰূপ জিলাৰ হাজোৰ নতুন দিহিনাৰ দক্ষিণ শিংৰাত দুৰ্বৃত্তই পুখুৰীত বহি ঢালি প্ৰায় ২০ লাখ টকাৰ মাছ নিধন কৰিছে। দক্ষিণ শিংৰাৰ নুৰ মহম্মদ নামৰ এজন মীন পালকৰ পুখুৰীত দুৰ্বৃত্তই বহি ঢালি ২০ লাখ টকাৰ মাছ নিধন কৰে।

নুৰ মহম্মদে বেংকৰ পৰা ঋণলৈ ৬ বিঘা ভূমিত পুখুৰী খান্দি মাছ পালন কৰিছিল। শুকুৰবাৰে পুৱাৰ ভাগত পুখুৰীত হাজাৰ হাজাৰ মৃত মাছ ওপঙি থাকে প্ৰত্যক্ষ কৰে মীন পালক নুৰ মহম্মদে।

বেংকৰ ঋণ লৈ মাছ পালন কৰা নুৰ মহম্মদে পুখুৰীত মৃত মাছ ওপঙি থকা দেখি কান্দোনত ভাঙি পৰে। ঘটনা সন্দৰ্ভত নুৰ মহম্মদে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।