গুৱাহাটী, সংবাদ ৩৬৫, ৪ জুলাই : ৰাজ্যৰ সকলো ক্ষেত্ৰতে চলিছে কেৱল ছিণ্ডিকেটৰাজ । গৰুৰ ছিণ্ডিকেট, থিয়েটাৰ ছিণ্ডিকেটৰ পাছতে পোহৰলৈ আহিছে মীন বিভাগৰ ছিণ্ডিকেট । ৰাজ্যৰ মীন বিভাগত চলি আছে এক বৃহৎ ছিণ্ডিকেট । ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুজ হাজৰিকা । এই মন্তব্য অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ। ৰাজ্যৰ মীন বিভাগত ছিণ্ডিকেটৰাজ চলি আছে বুলি কৈ তেওঁলোকে কয় ” যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে ফৰ্মেলীনযুক্ত মাছ খাব নালাগে বুলি প্ৰচাৰ চলাইছিল পিযুজ হাজৰিকাই । আনকি হোটেলটো তেওঁ তালাচী চলাইছিল । কিন্তু বৰ্তমান অসমৰ প্ৰতিখন বজাৰত ফৰ্মেলীন যুক্ত মাছ বিক্ৰী কৰি আহিছে । তাত তেওঁ কোনো কানসাৰ দিয়া নাই । সেইসময়ত তেওঁ টকা ঘটিবৰ কাৰণে সেই ব্যৱস্থা গ্ৰহণ কৰিছিল।

যিটো সময়ত অসমত ২০০০ তকৈ অধিক বিল-জলাশয় আছে , ১৮৫ খন মীন উন্নয়ন নিগমৰ অধীনত বিল আছে সেই বিলসমূহত মাছ উৎপাদনৰ বিভিন্ন স্থল থকা স্বত্বেও মীন বিভাগে চকু মুদা কুলিৰ ভাও ধৰি বিলসমূহ বাংলাদেশীৰ হাতত তুলি দি থলুৱা মানুহক বৃত্তিৰ পৰা আঁতৰাই দিছে । মুখ্যমন্ত্ৰীলৈ অনুৰোধ ৰাজ্যৰ মীন বিভাগত চলি থকা ছিণ্ডিকেট যাতে বন্ধ কৰে । ৰাজ্যৰ মীন বিভাগত এতিয়া শূণ্য সহনশীলতা চলা নাই ।

মাছৰ মূল্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ । ঠিক সেইদৰে মহানগৰীৰ বজাৰ সমূহতো মাছৰ মূল্য ভিন্ন ভিন্ন । উজান বজাৰত যদি এটা মাছ ১২০ টকা মূল্যত ক্ৰয় কৰা হয় সেই মাজতো ভেটাপৰাত ৩০০ টকাৰ মূল্যত ক্ৰয় কৰিব লগা হয়। কিয় এই ব্যৱস্থা হৈছে । যোগান বিভাগ বা মীন বিভাগৰ মাজত কোনো সম্পৰ্ক নাই নেকি ? মূল্য নিয়ন্ত্ৰণ এই কাৰণেই কৰিব পৰা নাই যে তেওঁলোকে তাৰ পৰাই মোটা কমিছনৰ অংক লাভ কৰে ।

তেওঁলোকে আৰু কয় যে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মাছ মৰা বন্ধৰ সময়ছোৱাত প্ৰতিটো পৰিয়ালক ২০,০০০ টকা ভাট্টা দিব লাগে। অধিক হাৰত মীন বিভাগে বিলসমূহ ডাকত দিয়া বন্ধ কৰিব লাগে । লীজত বা ডাকত লোৱা মীন মহলৰ কোনো মহলদাৰে পানী সিঁচি মীন মহল শুকাই পেলাব নোৱাৰিব ।