নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জুলাই : কংগ্ৰেছ দলত মোহভংগ ঘটিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুর্মী । কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বিধায়কগৰাকীয়ে ।

ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁ কংগ্ৰেছ দলত থাকি মৰিয়নি সমষ্টিৰ আশাপ্ৰদ উন্নয়ন কৰিৱ পৰা নাই। সেইবাবেই উন্নয়নৰ বাবে সমষ্টিবাসী তথা মৰিয়নিৰ বিধায়ক গৰাকীৰ সমৰ্থকৰ হেচাঁৰ বাবেই অচিৰেই যোগ দিব বিজেপিত ।

সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে যদি ৰূপজ্যোতি কুৰ্মীক মন্ত্ৰীত্ব দিয়ে, তেনেহলে বিজেপিত দ্বিধাহীন ভাৱে কৰিব যোগদান। কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ আছে, সেয়েহে নিজ সমষ্টি মৰিয়নিৰ দ্ৰুত উন্নয়নক মূল উদ্দেশ্য হিচাপে লৈ যোগদান কৰিব বিজেপিত।