হাটশিঙিমাৰী : হাটশিঙিমাৰী জিলা আৰু সত্ৰ ন্যায়িক আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। দুই বাংলাদেশী নাগৰিকক পাঁচ বছৰৰ কাৰাদণ্ড ৰায় হাটশিঙিমাৰী জিলা আৰু সত্ৰ ন্যায়িক আদালতৰ। ২০২১ চনত বাংলাদেশী নাগৰিক দুজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি মানকাচৰত আশ্ৰয় গ্ৰহণ কৰি আছিল। মানকাচৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু সত্ৰ ন্যায়িক আদালতে দুজন‌ বাংলাদেশৰ নাগৰিকৰ বিৰুদ্ধে শাস্তি ঘোষনা কৰে। দুয়ো বাংলাদেশী নাগৰিকক ৫ বছৰ কাৰাদণ্ড আৰু ১০ হেজাৰ টকা জৰিমনা বিহিছে আদালতে।জৰিমনা আদায় কৰিব নোৱাৰিলে অতিৰিক্ত ৬ মাহ বাংলাদেশী নাগৰিক দুজন কাৰাগাৰত থাকিব লাগিব বুলিও ৰায়দান কৰে আদালতে। বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে আদালতে।

বাংলাদেশৰ জামালপুৰ জিলাৰ মাথাৰগঞ্জ থানাৰ অন্তৰ্গত গাঁবেৰ গাঁৱৰ ৰঞ্জিত ঘোষৰ পুত্ৰ নিৰঞ্জন ঘোষ ২০২১ চনৰ ২৫ মে তাৰিখে ভাৰত-বাংলাদেশ সীমান্তৰে মানকাচৰত অনুপ্ৰৱেশ কৰি শ্মশান মন্দিৰৰ আশ্ৰয় গ্ৰহণ কৰিছিল। মানকাচৰ আৰক্ষীয়ে বাংলাদেশী নাগৰিক নিৰঞ্জন ঘোষক আটক কৰি জেৰা চলাই ৩৯৫/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি নিৰঞ্জন ঘোষক আদালতত হাজিৰ কৰিছিল। তেতিয়াৰ পৰাই নিৰঞ্জন ঘোষ ধুবুৰী কাৰাগাৰত বন্দী হৈ আছিল।

আনহাতে ২০২১ চনৰ ৬ মাৰ্চ তাৰিখে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তর্গত বেহুলাৰচৰ গাঁৱৰ আফছাৰ আলী মণ্ডলৰ পুত্ৰ আব্দুল হাই মণ্ডলকো মানকাচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।বাংলাদেশৰ নাগৰিক আব্দুল হাই মণ্ডল অবৈধভাৱে ভাৰতত অনুপ্ৰৱেশ কৰি মানকাচৰ সীমান্তৰ বেহুলাচৰ গাঁৱত আশ্ৰয় গ্ৰহণ কৰি থকা অৱস্থাত মানকাচৰ আৰক্ষীয়ে আটক কৰিছিল।

মানকাচৰ আৰক্ষীয়ে ১৬৩/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি আব্দুল হাই মণ্ডলক আদালতত হাজিৰ কৰিছিল। দীৰ্ঘদিন ধৰি আইনী যুঁজৰ অন্তত বৃহস্পতিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ন্যায়িক দণ্ডাধীশ ছৈয়দ ইমদাদুল ৰহমানে বাংলাদেশী নাগৰিক দুজনক ৫ বছৰ কাৰাদণ্ড বিহাৰ লগতে ১০ হেজাৰ টকা জৰিমনা বিহিছে। ১০ হেজাৰ টকা দিব নোৱাৰিলে আদালতে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰে বুলি জানিব পৰা গৈছে।