আজিজ আলী
মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ২ নং লোহাৰকাঠাত পাগলাদীয়া নৈত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। নাও খেল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিলে মিছ-মৌচুমী নাও দলে। হাজাৰ হাজাৰ দৰ্শকে পাগলাদিয়া নৈত উপভোগ কৰিলে পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা।

আধুনিককতাৰ ধামখুমীয়া তথা যান্ত্ৰিকতাৰ পয়োভৰত সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ্ৰামাঞ্চলৰ পৰাম্পৰাগত নাও খেল। হেৰাই যাবলৈ ধৰা এই পৰম্পৰাগতা নাও খেলক ধৰি ৰখাৰ প্ৰয়াসেৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত মুকালমুৱাৰ ২ নং লোহাৰকাঠাত অনুষ্ঠিত কৰা হয় অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা।

দীপজ্যোতি সংঘ ও পুথিভৰালৰ সৌজন্যত অসম ভিত্তিত ১০ তম নাও খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে জি এম ডি এ’ৰ অধ্যক্ষ নাৰায়ণ ডেকাই। নাও খেল প্ৰতিযোগিতাখনত ভিন্ন প্ৰান্তৰ ১৩ টা নাও খেল দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ ৰোমাঞ্চকৰ চূড়ান্ত খেলখনত মা-ৰূপহী আৰু মিছ মৌচুমী নাও দল দুটাৰ মাজত অনুষ্ঠিত হয়।

চূড়ান্ত খেলখনত মুকালমুৱাৰ মিছ মৌচুমী নাও দলে জয়লাভ কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। পাগলাদীয়া নৈৰ পাৰত হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰে নাও খেল প্ৰতিযোগিতাখন। অঞ্চলটোত প্ৰতি বছৰে নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিযোগিতাখনৰ জড়িয়তে সকলোৰে মাজত সমন্বয় আৰু ভাতৃত্তবোধ অটুট ৰাখিবলৈ প্ৰয়াস কৰা বুলি জানিবলৈ দিয়ে উদ্যোগতা সকলে।